October 31, 2026 11:58 AM | Khel Maharan 3.0

printer

খেল মহাৰণৰ তৃতীয় সংস্কৰণৰ প্ৰতীক, শুভংকৰ, জাৰ্চি আৰু শীৰ্ষ সংগীত উন্মোচন

ৰাজ্যত অহা ৭ নৱেম্বৰৰ পৰা খেল মহাৰণৰ তৃতীয় সংস্কৰণ অনুষ্ঠিত হ’ব। প্ৰথম দুটা পৰ্যায়ত সফলতা লাভৰ পাছত এইবাৰ ৮ টা ক্ৰীড়া শাখা সামৰি ব্যাপক ৰূপত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি খেল মহাৰণৰ তৃতীয় সংস্কৰণৰ প্ৰতীক, শুভংকৰ, জাৰ্চি আৰু শীৰ্ষ সংগীত উন্মোচন কৰি এইদৰে কয়। ইয়াৰ বাবে ইতিমধ্যে ৬০ লাখৰো অধিক প্ৰতিযোগীয়ে পঞ্জীয়ন কৰিছে বুলি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে। খেল মহাৰণত এইবাৰৰ বিশেষ সংযোজনসমূহৰ বিষয়ে উল্লেখ কৰি ড° শৰ্মাই কয়, যে এইবাৰৰ খেল মহাৰণত ১৩ বছৰ অনুৰ্ধৰ শাখাৰ বাবে শিশু ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হ’ব। বৈজ্ঞানিক পদ্ধতিৰে প্ৰতিভা চিনাক্তকৰণ আৰু মূল্যায়নৰ লগতে ৫০০ উদীয়মান খেলুৱৈক দুবছৰলৈ জলপানি প্ৰদান কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে। এই প্ৰতিযোগিতাৰ জৰিয়তে ক্রীড়া প্রতিভা অন্বেষণ তথা কাৰিকৰী সহযোগিতাৰে উন্নত প্ৰশিক্ষণ আৰু প্ৰশিক্ষকসকলৰ দক্ষতা বৃদ্ধিৰ বাবে জে এছ ডব্লিউ স্পোর্টছৰ সৈতে ৰাজ্য চৰকাৰে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ কথাও মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে।

গাঁৱৰ খেল-পথাৰৰ পৰা ৰাজ্যিক পৰ্যায়লৈ প্ৰতিভা সন্ধান, প্ৰতিভা বিকাশ আৰু ক্ৰীড়াৰ জৰিয়তে যুৱ সমাজক শক্তিশালী কৰাৰ বাবে এইবাৰ অধিক ব্যাপক আৰু ৰোমাঞ্চকৰ ৰূপত এই ক্ৰীড়াৰ আয়োজন কৰা হৈছে। এইবাৰ নতুনকৈ এথলেটিক্‌চ, যোগাসন, দবা, বক্সিং, একুৱাথলন, ফুটবল, ভলীবল আৰু সাঁতোৰ – এইকেইটা শিতানত খেল অনুষ্ঠিত হ’ব।