কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত আজি হাইলাকান্দিত অনুদান বিতৰণ কার্যসূচী অনুষ্ঠিত হয়। অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান, অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয় আৰু জিলা অভিযান ব্যৱস্থাপনা গোটৰ উদ্যোগত হাইলাকান্দিৰ ৰবীন্দ্ৰ সদনত এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। অনুষ্ঠানত জিলা আয়ুক্ত জয় বিকাশ, বিধায়ক ডা০ মিলন দাসকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।এই অনুষ্ঠানত জিলাখনৰ ১৮৫টা অনুসূচিত জাতিৰ আত্মসহায়ক গোটলৈ অনুদান আগবঢ়োৱা হয়। তদুপৰি আত্মসহায়ক গোটৰ ৪৩ জন সদস্যকো আর্থিক সাহায্য প্ৰদান কৰা হয়। এই আঁচনিৰ অধীনত জিলাখনত ১ কোটি ১২ লাখ ৩৮ হাজাৰ টকাৰ সাহায্য বিতৰণ কৰা হৈছে। অনুসূচিত জাতিৰ পৰিয়ালসমূহৰ আয় বৃদ্ধি, আত্মসহায়ক গোটসমূহক আর্থিকভাৱে সবল কৰা আৰু গ্ৰাম্য অৰ্থনীতিক গতিশীল কৰাৰ লক্ষ্যৰে এই অভিযান ৰূপায়ণ কৰা হৈছে।
Assamese | July 18, 2026 7:04 PM | Hailakandi
প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত আজি হাইলাকান্দিত অনুদান বিতৰণ কার্যসূচী অনুষ্ঠিত