ফ্রান্সত অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে দেশখনৰ প্ৰবাসী ভাৰতীয়ৰ লগতে ফ্রান্স ভ্ৰমণ কৰিবলগীয়া ভাৰতীয় নাগৰিকসকলৰ বাবে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। ফ্ৰান্সৰ ভাৰতীয় দূতাবাসেও প্রবাসী ভাৰতীয়সকলক সতৰ্ক হৈ থকাৰ বাবে আৰু প্ৰতিবাদস্থলীৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে দেশখনৰ বিভিন্ন স্থানত সান্ধ্য আইন জাৰি, প্ৰতিবাদমুখৰ পৰিস্থিতি আৰু যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত ব্যাঘাত হৈ থকাৰ পৰিস্থিতিত ভাৰতীয় দূতাবাসে জাৰি কৰা সকলো নিৰ্দেশনা মানি চলিবলৈ ভাৰতীয়সকলক পৰামৰ্শ দিছে। তদুপৰি চৰকাৰৰ ফালৰপৰা জাৰি কৰা জাননী আৰু তথ্যসমূহ অহৰহ নিৰীক্ষণ কৰি থাকিবলৈও আহ্বান জনোৱা হৈছে। তদুপৰি জৰুৰীকালীনভাৱে ফ্রান্স ভ্ৰমণ কৰিব খোজাসকলক বিমান সংস্থা নাইবা ট্রেভেল এজেন্সিসমূহৰ সৈতে যোগাযোগ কৰিবলৈ কোৱা হৈছে। ভাৰতীয় দূতাবাসে নাগৰিকসকলৰ সহায়ৰ বাবে ৩৩৬৪৮৩৪০০ আৰু ৩৩৭৪৩১৬২৫৫৯ নম্বৰ দুটা মুকলি কৰিছে। উল্লেখযোগ্য যে ফ্রান্সত অব্যাহত থকা প্ৰতিবাদৰ মাজতে দেশখনৰ চৰকাৰে সকলোধৰণৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উচিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰিছে। তদুপৰি হিংসাত্মক ঘটনাৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ’ব বুলিও ঘোষণা কৰিছে ।
Assamese | October 22, 2026 11:54 AM | France
ফ্রান্সত অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰৰ দেশখনত থকা ভাৰতীয় নাগৰিকৰ বাবে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি