ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে হাইলাকান্দি জিলাতো লোকপিয়ল পূর্ণগতিত অব্যাহত

ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে হাইলাকান্দি জিলাতো লোকপিয়ল পূর্ণগতিত চলি আছে। জিলাখনত ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে।

আমাৰ হাইলাকান্দিৰ সংবাদদাতাই জনোৱা মতে ইতিমধ্যে প্রায় ৯৫ শতাংশ ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহৰ কাম সম্পূৰ্ণ হৈছে। জিলাখনত ইয়াৰ বাবে এহেজাৰ ২০০ গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে।