ৰাজ্যত অহা ২ আগষ্টৰ পৰা আৰম্ভ হ’ব প্ৰথম পৰ্যায়ৰ লোকপিয়ল

■ ৰাজ্যত অহা ২ আগষ্টত আৰম্ভ হ’বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই ইতিমধ্যে গৃহ তালিকা আৰু গৃহ পিয়ল সম্পর্কীয় প্রশিক্ষণ চলি আছে। ডিব্ৰুগড় আৰু চিৰাং জিলাত কালিৰে পৰা আসন্ন লোকপিয়লৰ বাবে তিনিদিনীয়া প্রশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ অধীনত গৃহ তালিকা আৰু গৃহ পিয়লৰ ধাৰণা, পদ্ধতি আৰু কাৰ্যকৰী নিৰ্দেশনাৰ সৈতে বিষয়াসকলক পৰিচিত কৰাৰ উদ্দেশ্যে এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাত কালি অনুষ্ঠিত প্ৰশিক্ষণত জিলাখনৰ সম-জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, ৰাজহ চক্ৰ বিষয়াকে ধৰি অন্যান্য বিষয়াসকলে অংশগ্ৰহণ কৰে। আনহাতে চিৰাং জিলাখনক ৬টা লোকপিয়ল কেন্দ্ৰত বিভক্ত কৰা হৈছে। ইয়াৰে বিজনী, ছিদলী আৰু বেংতলে গ্ৰামাঞ্চলক সামৰি লোৱাৰ বিপৰীতে বিজনী, বাসুগাঁও আৰু কাজলগাঁৱে চহৰ অঞ্চলক সামৰি লৈছে।
উল্লেখযোগ্য যে ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে ৮৫ হাজাৰ গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। ১৭ আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জন গণনা কৰিব। এই প্রক্রিয়া ১৫ ছেপ্তেম্বৰ পৰ্যন্ত চলিব এইবাৰৰ লোকপিয়লত স্ব-গণনাৰো বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে ১৬টা ভাষাত তথ্য দিব পাৰিব।