August 21, 2026 8:01 PM | Census 2027

printer

ৰাজ্যজুৰি ১৬ আগষ্টৰ পৰা নিৰ্ধাৰিত সূচী অনুযায়ী লোকপিয়লৰ বিভিন্ন তথ্য সংগ্ৰহ

ৰাজ্যজুৰি লোকপিয়লৰ কামত নিয়োজিত গণনাকাৰী বিষয়া, পর্যবেক্ষক আৰু ক্ষেত্ৰভিত্তিক প্রশিক্ষকসকলে ১৬ আগষ্টৰ পৰা নিৰ্ধাৰিত সূচী অনুযায়ী ঘৰে ঘৰে গৈ বিভিন্ন তথ্য সংগ্ৰহ কৰিছে। হাইলাকান্দি জিলাতো লোকপিয়ল পূর্ণগতিত চলি আছে। জিলাখনত ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহৰ প্রক্রিয়া প্রায় সম্পূর্ণ হৈছে। আমাৰ হাইলাকান্দিৰ সংবাদদাতাই জনোৱা মতে ইতিমধ্যে প্রায় ৯৫ শতাংশ ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহৰ কাম সম্পূর্ণ হৈছে। জিলাখনত ইয়াৰ বাবে এহেজাৰ ২০০ গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। নগাওঁ জিলাত লোকপিয়লত নিয়োজিত কিছুসংখ্যক বিষয়া কৰ্মচাৰীয়ে তেওঁলোকৰ মূল কর্মক্ষেত্র, কাৰ্য্যালয় বা বিদ্যালয়ত নিয়মীয়া দায়িত্ব পালন কৰা নাই বুলি বিভাগীয় কর্তৃপক্ষৰ দৃষ্টিগোচৰ হোৱাত নগাওঁ জিলা প্রশাসনে লোকপিয়লৰ দায়িত্ব বিশেষভাৱে নির্ধাৰিত সময়চোৱাত কৰাৰ বাদে অন্য সময়ত এই কর্মচাৰীসকলে তেওঁলোকৰ বিভাগীয় দায়িত্ব পালন কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। সকলো বিভাগীয় মুৰব্বী আৰু লোকপিয়লৰ কামত নিয়োজিত কর্মচাৰীক এই নির্দেশ মানি চলিবলৈ জিলা প্রশাসনে অধিসূচনা জাৰি কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।