জনগণনা ২০২৭ৰ বাবে বিভিন্ন জিলা প্রশাসনে পূর্ণগতিত প্রস্তুতি চলাইছে। গোৱালপাৰা জিলা প্রশাসনে ইতিমধ্যে নিযুক্তি দিয়া ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ আজিৰে পৰা তিনি-দিনীয়া প্ৰশিক্ষণ আৰম্ভ কৰিছে। এই প্ৰশিক্ষণ গোৱালপাৰা কৃষি বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হৈছে।
যোৰহাটতো জিলা আয়ুক্তৰ কাৰ্যালযয়ত আজিৰে পৰা ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। এই প্ৰশিক্ষণত লোকপিয়লৰ প্ৰাথমিক ধাৰণাৰ লগতে তথ্য সংগ্ৰহৰ বিভিন্ন পদ্ধতি, গণনাকাৰী আৰু পর্যবেক্ষকসকলৰ কার্যপ্ৰণালীৰ বিষয়ে বিতংকৈ আলোচোনা কৰা হ’ব।
শোণিতপুৰতো গৃহ তালিকাভুক্তি আৰু গৃহগণনা পৰ্যায়ৰ ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী জিলা আয়ুক্তৰ কাৰ্যালয়ত আৰম্ভ হয়। দুটা পৰ্যায়ত অনুষ্ঠিত এই কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায় অহা ২৯ জুনৰ পৰা আৰম্ভ হ’ব। এই প্রশিক্ষণত গৃহ তালিকাভুক্তি আৰু গৃহগণনাৰ বিভিন্ন দিশ আৰু চলিত বৰ্ষৰ পৰা প্ৰৱৰ্তন কৰা ডিজিটেল লোকপিয়লৰ পদক্ষেপসমূহ সামৰি লোৱা হৈছে।
উল্লেখযোগ্য যে ২০২৭ চনৰ লোকপিয়ল দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। গৃহ তালিকাভুক্তি আৰু গৃহগণনা চলিত বৰ্ষৰ ১৭ আগষ্টৰ পৰা ১৫ ছেপ্তেম্বৰলৈ কৰা হ’ব। ইয়াৰ পূৰ্বে ২ আগষ্টৰ পৰা ১৬ আগষ্টলৈ স্বগণনা ব্যৱস্থা লোকপিয়লৰ নিৰ্দিষ্ট পোৰ্টেলত উপলব্ধ কৰা হ’ব। ইয়াৰ পাছত দ্বিতীয় পর্যায়ত জনসংখ্যা গণনা অহা বছৰ ফেব্ৰুৱাৰী মাহত কৰা হ’ব।