লোকপিয়লৰ দায়িত্বত নিয়োজিত কোনো বিষয়া-কৰ্মচাৰীয়ে দায়িত্ব পালন নকৰিলে তিনি বছৰ পৰ্যন্ত কাৰাবাস খাটিব আৰু জৰিমণা ভৰিব লাগিব। লোকপিয়ল সঞ্চালকালয়ৰ নিৰ্দেশনাৰ ভিত্তিত জিলা আয়ুক্তসকলে ১৯৪৮ চনৰ লোকপিয়ল আইনৰ ১১ নম্বৰ অনুচ্ছেদৰ অধীনত এই কঠোৰ নিৰ্দেশ জাৰি কৰিছে।
নিৰ্দেশনাত জিলা আয়ুক্তসকলৰ অনুমতি অবিহনে লোকপিয়লৰ দায়িত্বত নিয়োজিত কোনো চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে নৈমিত্তিক ছুটী, শিশু পৰিচৰ্যা ছুটী, আর্জিত ছুটী আদি ল’ব নোৱাৰিব। লোকপিয়লৰ দায়িত্ব পালনত ব্যৰ্থ হ’লে বা লোকপিয়ল সন্দৰ্ভত নেতিবাচক প্রশ্ন সুধিলে বা লোকপিয়লৰ তথ্য হেৰফেৰ কৰিলে তেনে চৰকাৰী বিষয়া-কৰ্মচাৰীৰ তিনি বছৰ পৰ্যন্ত কাৰাবাস হোৱাৰ লগতে এহেজাৰ টকা জৰিমণা ভৰিব লাগিব।
উল্লেখযোগ্য যে ৰাজ্যত অহা ২ আগষ্টত দুটা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ’ব। ১৭ আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া ১৫ ছেপ্তেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে ৮৫ হাজাৰ গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে।
দেশৰ ষোড়শ আৰু স্বৰাজোত্তৰ ভাৰতৰ অষ্টম লোকপিয়লত এইবাৰ সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহ পিয়ল অন্তৰ্ভুক্ত হ’ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ’ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ’ব। ইয়াৰ বাবে অহা বছৰৰ পহিলা এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে।
দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূর্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইদ আৰু আই অ’ এছত উপলভ্য মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। এইবাৰৰ লোকপিয়লত স্ব-গণনাৰ বিকল্পৰো ব্যৱস্থা কৰা হৈছে। ঘৰৰ গণনাৰ সময়ত সকলো ভৱন আৰু পৰিকাঠামোৰ তালিকা প্ৰস্তুত কৰা হ’ব আৰু বাসগৃহৰ স্থিতি, সা-সুবিধা তথা সম্পদৰ তথ্য সংগ্ৰহ কৰা হ’ব। বাসগৃহসমূহৰ জিঅ’টেগিং কৰা হ’ব আৰু প্ৰতিটো ঘৰক অনন্য পৰিচয়সূচক নম্বৰ প্ৰদান কৰা হ’ব।