লোকপিয়ল ২০২৭ৰ দ্বিতীয় পৰ্যায়ৰ অধীনত অনুষ্ঠিত হ’বলগীয়া জনসংখ্যা গণনাৰ বাবে শোণিতপুৰ জিলাত আজি দুদিনীয়া জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হয়। শোণিতপুৰ জিলাৰ তেজপুৰৰ আয়ুক্তৰ কাৰ্যালয়ত এই প্রশিক্ষণ কাৰ্যসূচী জিলা আয়ুক্ত তথা প্রধান লোকপিয়ল বিষয়া আনন্দ কুমাৰ দাসে উদ্বোধন কৰে।
এই প্রশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিষয়া- কৰ্মচাৰীসকলৰ জনসংখ্যা গণনা পদ্ধতি কাৰিকৰী দায়িত্ব আৰু নতুনকৈ প্ৰৱৰ্তন কৰা ডিজিটেল ব্যৱস্থাৰ বিষয়ে স্পষ্ট ধাৰণা আহৰণ কৰাৰ লগতে এই কাৰ্যসূচীত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। ভাষণত জিলা আয়ুক্তগৰাকীয়ে কয় যে লোকপিয়লৰ তথ্য হৈছে তথ্য-ভিত্তিক শাসন ব্যৱস্থা, উন্নয়নমূলক পৰিকল্পনা, নীতি নির্ধাৰণ, আন্তঃগাঁথনি উন্নয়ন আৰু জনকল্যাণমূলক আঁচনি ৰূপায়ণৰ এক গুৰুত্বপূৰ্ণ আধাৰ।
এই প্ৰশিক্ষণ কাৰ্যসূচীত জিলা লোকপিয়ল বিষয়া তথা জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত জিলা লোকপিয়ল বিষয়া, উপ-জিলা লোকপিয়ল বিষয়া, ৰাজহ চক্ৰ বিষয়া, পৌৰসভাৰ কাৰ্যবাহী বিষয়াৰ লগতে লোকপিয়ল বিষয়া-কৰ্মচাৰীযে অংশগ্ৰহণ কৰে। এই প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰথম দিনা লোকপিয়ল ২০২৫ৰ পৰিচয় কাৰ্যকৰী পদ্ধতি প্রশাসনিক দায়িত্ব আৰু লোকপিয়ল ব্যৱস্থা তথা পৰ্যবেক্ষণ প্ৰণালীৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰা হয়।