লোকপিয়ল ২০২৭ৰ বাবে বিশ্বনাথ জিলাৰ হেলেম আৰু গহপুৰ চাৰ্জ লোকপিয়ল কাৰ্যালয়ৰ অধীনৰ বিষয়া-কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়া হৈছে।
ছয়দুৱাৰ মহাবিদ্যালয়ত অনুষ্ঠিত এই প্রশিক্ষণ কাৰ্যসূচীত একাধিক গোটত বিষয়া-কৰ্মচাৰীসকলক বিভিক্ত কৰি ক্ষেত্ৰ প্ৰশিক্ষকে লোকপিয়লৰ যাৱতীয় প্ৰশিক্ষণ প্ৰদান কৰিছে।
জিলাখনৰ হেলেম চার্জ কার্যালয়ৰ অধীনত ৩৮৫ গৰাকী গণনাকাৰী আৰু ৬৫ গৰাকী পৰিদৰ্শক নিয়োগ কৰা হৈছে। একেদৰে গহপুৰ চাৰ্জ কাৰ্যালয়ৰ অধীনত ৩৫৪ গণনাকাৰী আৰু ৬১ গৰাকী পৰিদৰ্শকক সমাগত লোকপিয়লৰ বাবে নিয়োগ কৰা হৈছে।
গহপুৰৰ ভাৰপ্ৰাপ্ত সমজিলা আয়ুক্ত চম্পক ডেকা আৰু হেলেমৰ চক্ৰ বিষয়া তথা হেলেম লোকপিয়ল চাৰ্জৰ চাৰ্জ বিষয়া জাহ্নৱী সোণোৱালৰ তত্বাৱধানত এই প্রশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে।