August 1, 2026 9:48 PM | Census 2027

printer

ৰাজ্যত কাইলৈৰ পৰা লোকপিয়লৰ প্ৰথম পৰ্যায়

ৰাজ্যত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হ’ব। ইয়াৰ বাবে ৮৫ হাজাৰ গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কাইলৈৰ পৰা ১৬ আগষ্টলৈ স্ব-গণনা আৰম্ভ হ’ব। জনসাধাৰণে se.census.gov.in প’ৰ্টেলত গৈ নিজৰ ম’বাইল নম্বৰ ব্যৱহাৰ কৰি অ টি পিৰ জৰিয়তে লগ ইন কৰিব লাগিব। ইয়াৰ পাছত নিজৰ জিলা আৰু স্থানীয় তথ্য বাছনি কৰি গৃহ আৰু পৰিয়াল সম্পৰ্কীয় তথ্য পূৰণ কৰিব পাৰিব।

 ডিজিটেল মানচিত্ৰত নিজৰ গৃহৰ অৱস্থান চিহ্নিত কৰিব লাগিব। এই তথ্য দাখিলৰ পাছত লাভ কৰা স্বগণনা পৰিচয় সুৰক্ষিতভাৱে ৰখাটো প্ৰয়োজন। পৰৱৰ্তী সময়ত গণনাকাৰী বিষয়াসকলক এই স্বগণনা পৰিচয় প্ৰদান কৰিব লাগিব আৰু গণনাকাৰী বিষয়াসকলে তথ্যসমূহ নিশ্চিত কৰিব। ১৭ আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জন গণনা কৰিব। এই প্ৰক্ৰিয়া ১৫ ছেপ্তেম্বৰ পৰ্যন্ত চলিব। লোকপিয়লত জনসাধাৰণে ১৬টা ভাষাত তথ্য দিব পাৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।