লাভলীনা বৰগোহাঁইয়ে যোৱা নিশা কমনৱেলথ গেমছৰ মহিলাৰ বক্সিঙৰ ৭৫ কিলোগ্রাম ওজন শাখাত ৰূপৰ পদক অৰ্জন কৰি অলিম্পিক, এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত পদক অৰ্জন কৰা দেশৰ ষষ্ঠগৰাকী মহিলা খেলুৱৈ হিচাপে অভিলেষ ৰচনা কৰে।
লাভলীনা ফাইনেলত অষ্ট্ৰেলিয়াৰ গ্ৰীণটি এমাছুইৰ হাতত ৪-১ ফলাফলত পৰাজিত হৈ ৰূপৰ পদকত সন্তুষ্ট থাকিবলগীয়া হয়। ইয়াৰ আগেয়ে মেৰি কম, পি ভি সিন্ধু, চাইনা নেহৱাল, মনু ভাকে আৰু সাক্ষী মালিক এই কৃতিত্বৰ অধিকাৰী আছিল।