August 5, 2026 4:44 PM

views 17

কমনৱেল্‌ল্থ গেমছত ৰূপৰ পদক জয়েৰে অসমৰ লগতে দেশলৈ গৌৰৱ লাভলীনা বৰগোঁহাইৰ

গ্লাচগত অনুষ্ঠিত কমনৱেল্‌ল্থ গেমছত ৰূপৰ পদক জয়েৰে অসমৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোঁহাই আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত আদৰণি জনোৱা হয়। বিমান বন্দৰ কৰ্তৃপক্ষ, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীকে ধৰি বিভিন্ন দল সংগঠনে ফুলাম গামোচা, জাপি আৰু ফুলৰ থোপাৰে খেলুৱৈগৰাকীক আদৰণি জনায়। সাংবাদিকৰ আগত লাভলীনাই তৃতীয়বাৰৰ বাবে অৱতীৰ্ণ হোৱা কমনৱেল্থ গেমছত এইবাৰ প্ৰথমটো ৰূপৰ পদক জয় কৰি আনন্দ প্ৰকাশ কৰে। পৰৱৰ্তী সময়ত এছিয়ান গেমছত স্বর্ণ পদক জয়ৰ বাবে চেষ্টা চ...

August 2, 2026 11:36 AM

views 24

কমনৱেলথ গেমছত মহিলাৰ বক্সিঙৰ ৭৫ কিলোগ্রাম ওজন শাখাত লাভলীনা বৰগোহাঁইৰ ৰূপৰ পদক অৰ্জন

লাভলীনা বৰগোহাঁইয়ে যোৱা নিশা কমনৱেলথ গেমছৰ মহিলাৰ বক্সিঙৰ ৭৫ কিলোগ্রাম ওজন শাখাত ৰূপৰ পদক অৰ্জন কৰি অলিম্পিক, এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত পদক অৰ্জন কৰা দেশৰ ষষ্ঠগৰাকী মহিলা খেলুৱৈ হিচাপে অভিলেষ ৰচনা কৰে।  লাভলীনা ফাইনেলত অষ্ট্ৰেলিয়াৰ গ্ৰীণটি এমাছুইৰ হাতত ৪-১ ফলাফলত পৰাজিত হৈ ৰূপৰ পদকত সন্তুষ্ট থাকিবলগীয়া হয়। ইয়াৰ আগেয়ে মেৰি কম, পি ভি সিন্ধু, চাইনা নেহৱাল, মনু ভাকে আৰু সাক্ষী মালিক এই কৃতিত্বৰ অধিকাৰী আছিল।