October 5, 2025 8:44 PM

views 73

দার্জিলিঙৰ ধাৰাষাৰ বৰষুণত প্ৰাণ হেৰুওৱা লোকসকললৈ কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহৰ গভীৰ সমবেদনা জ্ঞাপন

কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে দার্জিলিঙৰ ধাৰাষাৰ বৰষুণত প্ৰাণ হেৰুওৱা লোকসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে শ্রীশ্বাহে কয়, যে ৰাষ্ট্ৰীয় দুৰ্য্যোগ সঁহাৰি বাহিনী ইতিমধ্যে দার্জিলিঙত উপস্থিত হৈছে আৰু অন্যান্য সংগঠনসমূহো প্রয়োজন অনুসৰি সহায় কৰিবলৈ প্রস্তুত আছে। শ্রীশ্বাহে দার্জিলিঙৰ সাংসদ ৰাজু বিষ্টাৰ সৈতে কথা পাতি পৰিস্থিতিৰ বুজ লৈছে বুলি জানিবলৈ দিছে। আমাৰ আগৰ বাতৰিতেই কোৱা হৈছে যে, উত্তৰবংগৰ গোর্খালেণ্ড আঞ্চলিক প্ৰশাসনৰ অন্তৰ্গত দার্জিলিং জিলাত কালিৰে পৰা হোৱা ধাৰাষাৰ...

September 21, 2025 10:54 AM

views 68

অহা বছৰৰ মাৰ্চৰ ভিতৰত দেশত বাওপন্থী উগ্রবাদ সম্পূৰ্ণৰূপে নির্মূল হ’ব বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ প্ৰকাশ

অহা বছৰৰ মাৰ্চৰ ভিতৰত দেশত বাওপন্থী উগ্রবাদ সম্পূৰ্ণৰূপে নির্মূল হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্ৰকাশ কৰিছে। এটা ব্যক্তিগত চেনেলত দিয়া সাক্ষাৎকাৰৰ সময়ত গৃহমন্ত্ৰীগৰাকীয়ে এইকথা প্ৰকাশ কৰে। তেওঁ কয়, যে চৰকাৰৰ প্ৰচেষ্টাৰ বাবে বিগত দশকত উত্তৰ-পূৰ্বাঞ্চল আৰু বাওপন্থী উগ্রবাদ প্ৰভাৱিত অঞ্চলকে ধৰি মুঠ তিনিটা অঞ্চলৰ পৰা উগ্ৰপন্থী কার্যকলাপ ৭৫ শতাংশলৈ হ্ৰাস পাইছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে লাভ কৰা সফলতাসমূহত আলোকপাত কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে ১১ বছৰতকৈও ...

September 18, 2025 10:05 PM

views 83

বিহাৰত বিগত ১১ বছৰত উন্নয়নমূলক প্রকল্প ৰূপায়ণৰ বাবে এন ডি এ চৰকাৰে ১৪ লাখ ৮৫ হাজাৰ কোটি টকাতকৈও অধিক ধন আগবঢ়াইছেঃ অমিত শ্বাহ

এন ডি এ চৰকাৰে বিহাৰত বিগত ১১ বছৰত উন্নয়নমূলক প্রকল্প ৰূপায়ণৰ বাবে ১৪ লাখ ৮৫ হাজাৰ কোটি টকাতকৈও অধিক ধনৰ সাহায্য আগবঢ়াইছে। জ্যেষ্ঠ বিজেপি নেতা তথা গৃহমন্ত্ৰী অমিত শ্বাহে আজি বিহাৰৰ বেগুচৰাইত অনুষ্ঠিত বিজেপিৰ নেতা আৰু কৰ্মীসকলৰ সন্মিলনত অংশগ্ৰহণ কৰি এই কথা সদৰি কৰে। তেওঁ কয়, যে ইউ পি এ চৰকাৰৰ শাসন কালত ২০০৪ৰ পৰা ২০১৪ চনৰ সময়ছোৱাত বিহাৰে মাত্ৰ দুই লাখ ৮০ হাজাৰ কোটি টকাহে লাভ কৰিছিল৷ শ্ৰী শ্বাহে কয়, যে ৰাষ্ট্ৰীয় জনতাদল আৰু কংগ্ৰেছে ভোটাৰ তালিকা পুনৰীক্ষণৰ নামত জনসাধাৰণক বিপথে পৰিচালিত কৰি আছ...

September 15, 2025 8:37 PM

views 64

মাওবাদীৰ বিৰুদ্ধে অভিযান চলাই ব্যাপক সফলতা লাভ কৰিছে : গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি কৈছে যে ঝাৰখণ্ডৰ হাজাৰিবাগত ঝাৰখণ্ড আৰক্ষী আৰু চি আৰ পি এফৰ কোৱা বেটেলিয়নৰ এটা যুটীয়া দলে মাওবাদীৰ বিৰুদ্ধে অভিযান চলাই ব্যাপক সফলতা লাভ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে, এই অভিযানত দুধৰ্ষ মাওবাদীৰ কমাণ্ডাৰ সহদেৱ চোৰেণ নিহত হৈছে। এই অভিযানত চোৰেণে লগতে ৰঘুনাথ হেমব্রম আৰু বীৰসেন গাঞ্জু নামৰ আন দুটা মাওবাদীকো নিৰাপত্তা বাহিনীয়ে গুলিয়াই নিহত কৰে। গৃহমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে যে এই অভিযানৰ পাছত উত্তৰ ঝাৰখণ্ডৰ বোকাৰু অঞ্চলটো মাওবাদীৰ পৰ...

September 11, 2025 3:30 PM

views 75

FAST TRACK IMMIGRATION – বিশ্বাসযোগ্য যাত্রী কার্যসূচী উদ্বোধন গৃহমন্ত্রী অমিত শ্বাহৰ

■ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি লক্ষ্ণৌ, তিৰুৱনন্তপুৰম, ত্ৰীচি, কালিকট আৰু অমৃতসৰ বিমান বন্দৰত ভিডিঅ' কনফাৰেঞ্চিং ব্যৱস্থাৰে FAST TRACK IMMIGRATION - বিশ্বাসযোগ্য যাত্রী কার্যসূচী উদ্বোধন কৰে। ইয়াৰ জৰিয়তে ভিন ভিন কামত বিদেশলৈ যাত্ৰা কৰা লোকসকলৰ পাছপ'ৰ্টকে ধৰি যাৱতীয় নথি-পত্ৰ পৰীক্ষাৰ প্ৰক্ৰিয়া দ্রুত, সৰল আৰু সুৰক্ষিত কৰাৰ লক্ষ্য লোৱা হৈছে। এই ব্যৱস্থাই ভাৰতীয় নাগৰিক আৰু প্ৰবাসী লোকসকলক অধিক সুবিধা প্ৰদান কৰিব। বিমান বন্দৰৰ ই-প্ৰৱেশদ্বাৰ অথবা স্বয়ংচালিত প্ৰৱেশদ্বাৰসমূহৰ এই ব্যৱস্থা ...

August 31, 2025 10:09 PM

views 49

আহমেদাবাদ আৰু গান্ধীনগৰ ভ্ৰমণ গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে আজি আহমেদাবাদ আৰু গান্ধীনগৰ ভ্ৰমণ কৰে। জন-কল্যাণ আৰু নগৰ উন্নয়নৰ বিভিন্ন পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰি গৃহ মন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণ কৰে। শ্ৰীশ্বাহে আজি পুৱা গোটা আৰু চান্দলোডিয়া ৱাৰ্ডত নগৰীয়া স্বাস্থ্য কেন্দ্ৰ উদ্বোধন কৰাৰ লগতে গছপুলি ৰোপণ কৰে। তেওঁ লগতে ভদ্রকালী মন্দিৰতো পূজা কৰে। গৃহমন্ত্ৰীগৰাকীয়ে পুনৰনিৰ্মাণ কৰা চৰ্দাৰ বাগো উদ্বোধন কৰে।

August 29, 2025 7:31 PM

views 92

অসম ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ শাখাকে ধৰি বহুকেইটা প্ৰকল্প উদ্বোধন গৃহমন্ত্রী অমিত শ্বাহৰ

উত্তৰ-পূৰ্বাঞ্চলৰ সমৃদ্ধ ইতিহাস, ভাষা, কলা, সংগীত, সাজ-পাৰ, খাদ্যাভাষ আৰু প্ৰাকৃতিক সৌন্দৰ্যই এই খণ্ডক বিশ্বৰ ভিতৰতে অনন্য কৰি তুলিছে। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে আজি অসম ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ শাখা উদ্বোধন কৰি দিয়া ভাষণত এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে বিশ্বৰ ভিতৰতে পুৰাতন পূৰ্বোত্তৰৰ সংস্কৃতি বিচিত্ৰতাৰে ভৰপুৰ। মহাৰাজ পৃথুৰ পৰা আৰম্ভ কৰি লাচিত বৰফুকনলৈকে, বীৰ চিলাৰায়ৰ পৰা আৰম্ভ কৰি সেনা বাহিনীত যোগ দিয়া জোৱানলৈকে দেশমাতৃৰ হকে প্ৰাণ আহুতি দিয়া উত্তৰ-পূবৰ বীৰ পুৰুষসকলৰ ত্যাগে দেশৰ সুৰক্ষাৰ...

August 29, 2025 2:31 PM

views 38

অসম ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ শাখা উদ্বোধন গৃহমন্ত্রী অমিত শ্বাহৰ

● কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি অসম ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ শাখা উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত ভাষণ দি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ এই উদ্বোধনী অনুষ্ঠান ৰাজ্যখনৰ বাবে শ্রীগণেশৰ আশীৰ্বাদ হিচাপে পৰিগণিত হৈছে। ভৱিষ্যতৰ অসমৰ সৈতে সংগতি ৰাখি এই ভৱনটো নিৰ্মাণ কৰা হৈছে বুলি মত প্ৰকাশ কৰি তেওঁ এই কামৰ বাবে ৰাজ্য চৰকাৰক ভূয়সী প্ৰশংসা কৰে। ৰাজ্যৰ বিকাশমুখী যাত্ৰাত নৱতম সংযোজন হিচাপে ৪১ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই নতুন ৰাজভৱনটো ৯ হাজাৰ ৬১৩ বৰ্গফুট পৰিসৰৰ। নতুন ৰাজভৱনটোত ৰাজ্যপালৰ কাৰ্যাল...

August 29, 2025 1:20 PM

views 66

গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ শাখা উদ্বোধন

● কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি অসম ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ শাখা উদ্বোধন কৰিব। ৰাজ্যৰ বিকাশমুখী যাত্ৰাত নৱতম সংযোজন হিচাপে ৪১ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই নতুন ৰাজভৱনগৃহত ৰাজ্যপালৰ কাৰ্যালয়, অতিৰিক্ত আয়ুক্তৰ কাৰ্যালয়, প্রধান ব্যক্তিগত সচিবৰ কাৰ্যালয়, সন্মিলন কক্ষকে ধৰি আন বহু সুবিধা থাকিব। এই উপলক্ষে দিনৰ চাৰে ১১ বজাত আয়োজিত কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা উপস্থিত থাকিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানৰ পৰাই ভার্চুৱেল ব...

August 28, 2025 8:47 PM

views 48

দুদিনীয়া ভ্রমণসূচীৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত উপস্থিত গৃহমন্ত্রী অমিত শ্বাহ

এন ডি এৰ পঞ্চায়ত সন্মিলন আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ কাৰ্যসূচীত অংশ লোৱাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ দুদিনীয়া ভ্রমণসূচীৰে আজি কিছু সময়ৰ আগতে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত উপস্থিত হয়। গৃহমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ খানাপাৰাত কাইলৈ হ’বলগীয়া এন ডি এৰ পঞ্চায়ত সন্মিলন আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবার্ষিকীৰ বছৰজোৰা কাৰ্যসূচী শুভাৰম্ভ কৰিব। শ্ৰীশ্বাহে কাইলৈ খানাপাৰা খেলপথাৰত হ'বলগীয়া পঞ্চায়ত...