May 26, 2025 9:02 PM

views 56

বিগত ১০ বছৰত দেশৰ স্বাস্থ্য আন্তঃগাথনিৰ অভূতপূৰ্ব পৰিৱৰ্তন হৈছেঃ গৃহমন্ত্রী

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয়, যে বিগত ১০ বছৰত দেশৰ স্বাস্থ্য আন্তঃগাথনিৰ অভূতপূৰ্ব পৰিৱৰ্তন হৈছে। নাগপুৰৰ জামাথা অঞ্চলত নেচনেল কেঞ্চাৰ ইন্সটিটিউটত কৰ্কট ৰোগীৰ আত্মীয়ৰ সুবিধাৰ বাবে নিৰ্মাণ কৰিবলগীয়া এটা আৱাসিক ভৱনৰ আধাৰশিলা স্থাপন অনুষ্ঠানত তেওঁ এই মন্তব্য কৰে। কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা স্বাস্থ্য সুবিধা সন্দৰ্ভত আলোকপাত কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে স্নাতক আৰু স্নাতকোত্তৰ চিকিৎ‍সা পাঠ্যক্ৰমত চিকিৎসালয় আৰু আসনৰ সংখ্যা যথেষ্ট বৃদ্ধি কৰা হৈছে। এই অনুষ্ঠানত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেব...

May 24, 2025 11:52 AM

views 64

গৃহমন্ত্রীক সাক্ষাৎ কৰি অসমৰ উন্নয়ন আৰু বিকাশকেন্দ্ৰিক বিভিন্ন বিষয়ত মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰি অসমৰ উন্নয়ন আৰু বিকাশকেন্দ্ৰিক বিভিন্ন বিষয়লৈ আলোচনা কৰে।   মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ শেহতীয়া পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্রজোঁটে লাভ কৰা অভূতপূর্ণ সফলতাৰ বিষয়ে গৃহমন্ত্ৰীগৰাকীক অৱগত কৰে। ড০ শৰ্মাই মাওবাদী নিৰ্মূলৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপ তথা এইক্ষেত্ৰত লাভ কৰা বৃহৎ সফলতাৰ বাবে শ্রীশ্বাহক অভিনন্দন জনায় ৷ মুখ্যমন্ত্ৰী শৰ্মাই ইয়াৰ পাছত কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী জে পি ন...

May 18, 2025 8:06 PM

views 37

নৰেন্দ্ৰ মোদী চৰকাৰে বিগত দশকত বিভিন্ন আঁচনিৰ জৰিয়তে স্বাস্থ্য খণ্ডত অতুলনীয় প্রগতি সাধন কৰিছেঃ গৃহ মন্ত্ৰী অমিত শ্বাহ

নৰেন্দ্ৰ মোদী চৰকাৰে বিগত দশকত বিভিন্ন আঁচনিৰ জৰিয়তে স্বাস্থ্য খণ্ডত অতুলনীয় প্রগতি সাধন কৰিছে। গুজৰাটৰ মেহচানা জিলাৰ গজাৰিয়াত কে কে পেটেল আৰু মধুবেন কে পেটেল নাৰ্ছিং কলেজৰ নৱ নির্মিত ভৱন মুকলি কৰি গৃহ মন্ত্ৰী অমিত শ্বাহে আজি এই কথা প্ৰকাশ কৰে। এই মহাবিদ্যালয়ৰ জৰিয়তে সমীপৰ দৰিদ্ৰ ৰোগীসকল উপকৃত হ'ব বুলিও তেওঁ আশা প্রকাশ কৰে। দেশৰ ৬০ কোটি নাগৰিক আয়ুষ্মান ভাৰত আঁচনিৰ জৰিয়তে উপকৃত হোৱা বুলি উল্লেখ কৰি তেওঁ কয়, যে বিগত দশকত সৰ্ব ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ সংখ্যা ৭ৰ পৰা ২৩ খনলৈ বৃদ্ধি হ...

May 17, 2025 11:58 AM

views 48

চোৰাংচোৱা তথ্য বিনিময়ৰ নতুন বহুপাক্ষিক সংস্থা উদ্বোধন গৃহমন্ত্ৰীৰ

অপাৰেচন সিন্দূৰ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শক্তিশালী ৰাজনৈতিক ইচ্ছা শক্তি, চোৰাংচোৱা সংস্থাৰ নির্ভুল তথ্য আৰু তিনিওটা সশস্ত্র বাহিনীৰ অব্যর্থ আক্রমনাত্মক ক্ষমতাৰ অনন্য প্রতীক। নতুন দিল্লীত কালি চোৰাংচোৱা তথ্য বিনিময়ৰ নতুন বহুপাক্ষিক সংস্থা উদ্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এইদৰে কয়। তেওঁ কয়, যে ভাৰত ইয়াৰ তিনিওটা সশস্ত্র বাহিনী, সীমান্ত সুৰক্ষা বাহিনী আৰু সকলো নিৰাপত্তা সংস্থাক লৈ গৌৰৱান্বিত। শ্ৰী শ্বাহে শেহতীয়াকৈ ছত্তিশগড়-তেলেংগানা সীমান্তৰ কাৰেণাত্তালু পাহাৰত কেন্দ্ৰীয়...

May 16, 2025 9:07 PM

views 47

নতুন দিল্লীত চোৰাংচোৱা তথ্য বিনিময়ৰ নতুন সংস্থা উদ্বোধন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি কয়, যে অপাৰেচন সিন্দুৰ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃঢ় ৰাজনৈতিক ইচ্ছাশক্তি, চোৰাংচোৱা সংস্থাৰ সঠিক তথ্য আৰু আমাৰ তিনিওটা সশস্ত্র বাহিনীৰ নিৰ্ভুল আক্রমণাত্মক ক্ষমতাৰ অনন্য প্রতীক। নতুন দিল্লীত আজি চোৰাংচোৱা তথ্য বিনিময়ৰ নতুন সংস্থা উদ্বোধন কৰি তেওঁ এইদৰে কয়।

May 4, 2025 8:32 PM

views 58

দেশত সংস্কৃত শিক্ষাৰ বিকাশৰ বাবে চৰকাৰে কাম কৰি আছেঃ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

ভাৰতীয় জ্ঞান-বিজ্ঞান সম্পৰ্কীয় সকলো তথ্য সংস্কৃত ভাষাতে লাভ কৰিব পাৰি তাৰবাবে জনসাধাৰণে সংস্কৃত ভাষা শিকাৰ প্ৰয়োজনীয়তা আছে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি এটা অনুষ্ঠানত এইদৰে কয়। উল্লেখযোগ্য যে মন্ত্ৰী অমিত শ্বাহে আজি সংস্কৃত ভাৰতীৰ উদ্যোগত নতুন দিল্লীত অনুষ্ঠিত 1008 সংস্কৃত স্পীচ্ছ কেম্পত অংশগ্ৰহণ কৰে। সংস্কৃত ভাষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি মন্ত্ৰী শ্ৰীশ্বাহে কয় যে সংস্কৃত ভাষা হৈছে ভালেসংখ্যক ভাৰতীয় ভাষাৰ মূল। তেওঁ কয় যে দেশত সংস্কৃত শিক্ষাৰ বিকাশৰ বাবে চৰকাৰে কাম কৰি আহিছে। ...

May 4, 2025 11:03 AM

views 49

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অধ্যক্ষতাত সমবায় ৰপ্তানি, জৈৱিক সামগ্ৰীৰ উৎপাদন আৰু গুণগত বীজ বিষয়ক উচ্চ পৰ্যায়ৰ বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৰাষ্ট্ৰীয় সমবায় ৰপ্তানি লিমিটেড- এন চি ই এল, ৰাষ্ট্ৰীয় সমবায় জৈৱিক লিমিটেড- এন চি অ' এল আৰু ভাৰতীয় বীজ সমবায় সমিতি লিমিটেডৰ অগ্ৰগতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি নতুন দিল্লীত এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত শ্ৰী শ্বাহে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমবায় ৰপ্তানি, জৈৱিক সামগ্ৰীৰ উৎপাদন আৰু গুণগত বীজৰ প্ৰসাৰৰ মূল সংস্থা হিচাপে ২০২৩ চনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই সমবায় প্রতিষ্ঠানকেইটা স্থাপন কৰা হৈছিল। তেওঁ কয়, যে সংশ্লিষ্ট মন্...

May 2, 2025 11:47 AM

views 54

কেন্দ্ৰীয় চৰকাৰ দেশৰ প্ৰতিটো কোণৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ বদ্ধপৰিকৰ : গৃহমন্ত্ৰী

● কেন্দ্রীয় গৃহমন্ত্ৰী শ্ৰীশ্বাহে কৈছে যে কেন্দ্ৰীয় চৰকাৰ দেশৰ প্ৰতিটো কোণৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ বদ্ধপৰিকৰ। বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৩৪ সংখ্যক মৃত্যুবার্ষিকী উপলক্ষে অসম চৰকাৰৰ উদ্যোগত কালি নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত বডোফাৰ প্ৰতিমূৰ্তি উন্মোচন কৰি শ্ৰীশ্বাহে এইদৰে প্ৰকাশ কৰে। গৃহমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয় যে অসমৰ লগতে উত্তৰ-পূব উগ্ৰপন্থী কার্যকলাপৰ পৰা সম্পূৰ্ণ মুক্ত হৈ উন্নয়নৰ পথত অগ্ৰসৰ হৈছে। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা...

May 1, 2025 7:58 PM

views 51

কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে নতুন দিল্লীৰ কৈলাশ কলনীত বডোফা উপেন্দ্র নাথ ব্ৰহ্মৰ নামেৰে পথৰ নামকৰণৰ লগতে প্ৰতিমূৰ্তি উন্মোচন কৰে

বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৩৪ সংখ্যক মৃত্যুবার্ষিকী উপলক্ষে অসম চৰকাৰৰ উদ্যোগত আজি নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে বডোফাৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে আৰু এম চি ডি পাৰ্কত এখন ৰাজহুৱা সভাত ভাগ লয়। ৯ ফুট উচ্চতাৰ এই প্ৰতিমূৰ্তিটো বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ নেতাগৰাকীৰ ত্যাগ আৰু কৰ্মৰ প্ৰতি শ্ৰদ্ধা জনাই স্থাপন কৰা হৈছে। কেন্দ্রীয় গৃহমন্ত্রী শ্রীশ্বাহে লগতে নতুন দিল্লীৰ কৈলাশ কলনীত বডোফা উপেন্দ্র নাথ ব্ৰহ্মৰ নামেৰে এটা পথৰ নামকৰণ কৰে। গৃহমন্ত্ৰীয়ে জনসভাত দিয়া ভাষ...

April 23, 2025 8:34 PM

views 57

সন্ত্রাসবাদী আক্ৰমণত অনন্তনাগ চিকিৎসালয়ত ভৰ্তি হৈ থকা আহত লোকসকলৰ স্বাস্থ্যৰ বুজ গৃহমন্ত্ৰী অমিত শ্বাহৰ

দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ পেহেলগামত কালি সংঘটিত সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাত জীৱন হেৰুওৱা লোকসকলৰ বাবে প্ৰতিজন ভাৰতীয়ই দুখ প্ৰকাশ কৰিছে। এই ঘটনাত নিহত লোকসকলৰ প্ৰতি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে শেষ শ্রদ্ধা জ্ঞাপন কৰে। শ্ৰীনগৰৰ আৰক্ষী নিয়ন্ত্রণ কক্ষত ৰখা নিহত লোকসকলৰ পাৰ্থিৱ দেহত মন্ত্ৰী শ্ৰীশ্বাহে মাল্যাৰ্পন কৰে। তেওঁ কয়, যে দেশৰ পৰা সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদী শেষ হৈ নোযোৱা পৰ্যন্ত ইয়াৰ বিৰুদ্ধে যুঁজ চলাই যাব। ইয়াৰ পাছত শ্ৰীশ্বাহে সন্ত্রাসবাদী আক্রমণ সংঘটিত হোৱা পেহেলগামৰ বেইচৰণ এলেকা...