সীমান্তৱৰ্তী এলেকাৰ জনগাথনিৰ পৰিৱৰ্তন দেশ আৰু সীমান্তৰ সুৰক্ষাত পোনপটীয়া প্ৰভাৱ পেলায় বুলি কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে মন্তব্য কৰিছে। নতুন দিল্লীত আজি ভাইব্রেন্ট ভিলেজ কাৰ্যসূচী সম্পৰ্কীয় দুদিনীয়া কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সীমান্তৱৰ্তী গাঁৱৰ পৰা জনসাধাৰণৰ প্ৰব্ৰজন ৰোধ কৰাৰ উদ্দেশ্যে ভাইব্রেন্ট ভিলেজ কাৰ্যসূচী আৰম্ভ কৰিছিল। মন্ত্ৰীগৰাকীয়ে কয় যে এই কাৰ্যসূচীয়ে আন্তঃগাথনিৰ সম্প্ৰসাৰণ তথা সীমান্তৱৰ্তী গাওঁত সংস্কৃতি আৰু পৰ্যটনৰ সংৰক্ষণ আৰু প্ৰসাৰৰ জৰিয়তে কর্মসংস্থাপনৰ ন-ন সুযোগ সৃষ্টি কৰাত সহায় কৰিছে। অৰুণাচল প্রদেশত ভাইব্রেন্ট ভিলেজ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছৰে পৰা ৰাজ্যখনৰ কেইবাখনো সীমামুৰীয়া গাওঁৰ জনসংখ্যা বৃদ্ধি পাইছে বুলি শ্ৰীশ্বাহে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে ভাইব্রেন্ট ভিলেজ কাৰ্যসূচীৰ তিনিটা মূল বিন্দুৰ ওপৰত আধাৰিত। ইয়াৰ ভিতৰত সীমান্তৱৰ্তী গাওঁৰ পৰা প্ৰব্ৰজন ৰোধ কৰা, সীমান্তৱৰ্তী গাওঁৰ প্ৰতিগৰাকী জনসাধাৰণে কেন্দ্ৰীয় আৰু ৰাজ্যিক আঁচনিৰসমূহৰ এশ শতাংশ উপকাৰ লাভ কৰাটো নিশ্চিত কৰা আৰু এই গাওঁসমূহক সীমান্ত তথা ৰাষ্ট্ৰীয় সুৰক্ষাৰ শক্তিশালী আহিলা হিচাপে বিকশাই তোলা অন্যতম। শ্রীশ্বাহে কয়, যে এই কাৰ্যসূচীৰ অধীনত ইতিপূৰ্বে চিনাক্ত কৰা গাওঁসমূহ কেইবছৰমানৰ ভিতৰত দেশ আৰু সীমান্তৰ সুৰক্ষাত গুৰুত্বপূৰ্ণ আহিলাৰূপে পৰিগণিত হ’ব।
Assamese | August 26, 2025 9:04 PM | Amit Shah
ভাইব্রেন্ট ভিলেজ কাৰ্যসূচী সম্পৰ্কীয় দুদিনীয়া কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী অমিত শ্বাহ