কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি তামিলনাডুৰ মাদুৰাইত এখন জনসভাত ভাষণ দি শাসনাধিস্থিত ডি এম কে চৰকাৰক জনবিৰোধী নীতি গ্ৰহণ কৰা অভিযোগ উত্থাপন কৰি কঠোৰ ভাষাৰে সমালোচনা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ডি এম কে দলটো তামিলনাড়ু ৰাজ্যিক বিপনন নিগম লিমিটেডৰ ৩৯,৭৭৫ কোটি টকীয়া কেলেংকাৰীৰে জড়িত থকাৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয়, যে চৰকাৰৰ ভুল নীতিৰ বাবে ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিৰ সম্প্ৰতি অৱনতি ঘটিছে। উল্লেখযোগ্য যে ২০২৬ চনত তামিলনাডুত বিধানসভা নির্বাচন অনুষ্ঠিত হব। এই নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চা চমুকৈ এন ডি এ জয়লাভ কৰিব বুলিও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। তেওঁ কয় যে তামিলনাড়ু আৰু পশ্চিমবংগত এতিয়া বিজেপি শাসনৰ প্ৰয়োজন।
Assamese | June 8, 2025 8:34 PM | Amit Shah
তামিলনাডুৰ শাসনাধিস্থিত ডি এম কে চৰকাৰক জনবিৰোধী নীতি গ্ৰহণ কৰা অভিযোগ উত্থাপন কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ