সমবায় সমিতিসমূহে দেশৰ অৰ্থনৈতিক বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে বুলি কেন্দ্রীয় সমবায় মন্ত্রী অমিত শ্বাহে মন্তব্য কৰিছে। সমবায় মন্ত্ৰালয়ৰ চতুৰ্থ বৰ্ষপূর্তি উপলক্ষে আজি গুজৰাটত আমূল আৰু NDDBৰ কেইবাটাও উন্নয়নমুলক প্ৰকল্পৰ শুভাৰম্ভ কৰি শ্ৰীশ্বাহে এই মন্তব্য কৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে কৈছে যে খাদ্য সামগ্ৰীৰ উৎপাদন, বিক্ৰীৰ সৈতে জড়িত তিনিখন সমবায় সমিতি, নতুনকৈ গঠন হোৱা ২ লাখ প্রাথমিক কৃষিজাত ঋণ সমিতি আৰু দুগ্ধজাত সামগ্ৰীৰ সৈতে জড়িত তিনিখন সমবায় সমিতিয়ে একেলগে দেশৰ সমবায় আন্দোলনক শক্তিশালী কৰিছে। এই কাৰ্যসূচীতে মন্ত্ৰীগৰাকীয়ে ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ জন্মবার্ষিকী উপলক্ষে শ্রদ্ধার্ঘ নিবেদন কৰি কয় যে শ্যামাপ্রসাদ মুখার্জী অবিহনে কাশ্মীৰ কোনোদিন ভাৰতৰ মূল ভুখণ্ডৰ অংশ নহলহেঁতেন।
Assamese | July 6, 2025 7:46 PM | Amit Shah
সমবায় সমিতিসমূহে দেশৰ অৰ্থনৈতিক বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে বুলি কেন্দ্রীয় সমবায় মন্ত্রী অমিত শ্বাহৰ মন্তব্য