কেন্দ্ৰীয় চৰকাৰে স্মাৰ্ট ব’ৰ্ডাৰ পৰিযোজনাৰ অন্তিম পৰ্যায় কাৰ্যকৰী কৰাৰ বাবে কাম কৰি আছেঃ অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয়, যে সীমা সুৰক্ষা অধিক শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে স্মাৰ্ট ব’ৰ্ডাৰ পৰিযোজনাৰ অন্তিম পৰ্যায় কাৰ্যকৰী কৰাৰ বাবে কাম কৰি আছে।

ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তৰ লংকামুৰা- সীমান্ত আউট প’ষ্টত আজি অনুষ্ঠিত প্ৰহৰী সন্মিলনত অংশগ্রহণ কৰি গৃহমন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে এই পৰিযোজনা অন্তিম পৰ্যায়ত উপনীত হৈছে আৰু অহা বৰ্ষত সীমা সুৰক্ষা বল তথা সশস্ত্র সীমাবলৰ আঠটা সংবেদনশীল ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ কৰা হ’ব।

গৃহমন্ত্ৰী শ্ৰী শ্বাহে কয়, যে চৰকাৰে ত্ৰিপুৰা, পশ্চিমবংগ আৰু বিহাৰৰ সীমান্তৰে অবৈধ অনুপ্ৰৱেশৰ বাবে জনসংখ্যাৰ গাঁথনি সলনি হোৱাটো সহ্য নকৰে।

তেওঁ কয়, যে সীমা সুৰক্ষা শক্তিশালী কৰিবলৈ সীমান্তত কাঁইটীয়া বেৰ নিৰ্মাণৰ কামত অগ্ৰাধিকাৰ দিয়া হ’ব। ত্ৰিপুৰাত নতুন আৰ্হিৰে ১১৯ কিলোমিটাৰ দীঘল কাঁইটীয়া বেৰ নিৰ্মাণ কৰা হ’ব।

আজিৰ এই অনুষ্ঠানত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা, সীমা সুৰক্ষা বলৰ মহা-নিৰ্দেশক প্রবীণ কুমাৰ আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।