June 26, 2026 8:20 PM | Amit Shah

printer

ড্ৰাগছৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজাৰ আহ্বান গৃহ মন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে আজি ড্ৰাগছৰ বিৰুদ্ধে ঐক্যবদ্ধভাবে যুদ্ধৰ আহ্বান জনাই কয় যে ড্ৰাগছৰ আতংকই ৰাষ্ট্ৰৰ নিৰাপত্তা, সামাজিক স্থিতিশীলতা, অর্থনৈতিক বিকাশ তথা যুৱক-যুৱতী আৰু দেশৰ ভৱিষ্যতৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। শ্রীশ্বাহে ড্রাগছ বিৰোধী এই যুঁজত যুৱক-যুৱতী আৰু মাতৃসকলক একগোট হৈ যুঁজ দিবলৈ আহ্বান জনাইছে। ড্ৰাগছৰ সৰবৰাহৰ বিৰুদ্ধে চৰকাৰৰ অবিৰত অভিযান চলি আছে বুলি দিল্লীত অনুষ্ঠিত নার্কো কৰডিনেছন চেণ্টাৰৰ দশম শীর্ষ পৰ্যায়ৰ বৈঠকত শ্রীশ্বাহে জানিবলৈ দিয়ে। ড্ৰাগছ অপৰাধৰ সৈতে জড়িত তথ্য শীঘ্রে প্রশাসনক অৱগত কৰোৱাৰ বাবে মাদক দ্রব্য নিয়ন্ত্রণ ব্যুৰো বিভিন্ন অনলাইন পোর্টেল মুকলি কৰিছে বুলিও শ্রীশ্বাহে সদৰি কৰে। আৰক্ষীৰ সঞ্চালক প্রধান আৰু মুখ্য সচিব সকলক এই পোর্টেলত ৰুজু হোৱা গোচৰৰ সবিশেষ নির্দিষ্ট সময়সীমাৰ ভিতৰত সমাধান কৰিবলৈ আহ্বান জনায়। শ্রীশ্বাহে কয় যে সময়মতে তথ্যসমূহ নিৰীক্ষণ কৰিলে ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে চলোৱা অভিযান শক্তিশালী হৈ উঠিব। মাদক দ্রব্য নিয়ন্ত্রণ ব্যুৰোৰ উদ্যোগত অনুষ্ঠিত এই বৈঠকত শ্রীশ্বাহে বৈঠকত ড্ৰাগছমুক্ত ভাৰতৰ লক্ষ্যত উপনীত হ’বৰ বাবে এক বিশেষ পৰিকাথামো প্ৰস্তুত কৰাৰ লগতে মাদক দ্রব্য নিয়ন্ত্ৰণৰ নথিপত্র ২০২৬-২৯ উন্মোচন কৰে।