এক পেড় মা কে নামৰ অভিযানৰ অধীনত ৭০ লাখ গছপুলি ৰোপনৰ অভিযান মুকলি গৃহমন্ত্রী অমিত শ্বাহৰ

গৃহমন্ত্রী অমিত শ্বাহে আজি দিল্লীত এক পেড় মা কে নামৰ অভিযানৰ অধীনত ৭০ লাখ গছপুলি ৰোপনৰ অভিযান মুকলি কৰে। অনুষ্ঠানত শ্ৰীশ্বাহে কয় যে দিল্লীৰ পৰিবেশ পৰিৱৰ্তন কৰাৰ লক্ষ্যৰে এই উল্লেখযোগ্য পদক্ষেপ লোৱা হৈছে।

তেওঁ কয় যে দিল্লী চৰকাৰে ৫ হাজাৰ হেক্টৰ ভূমি বনভূমি হিচাপে ঘোষণা কৰি ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে। শ্ৰীশ্বাহে কয় যে কেন্দ্ৰীয় চৰকাৰ আৰু দিল্লী চৰকাৰে পৰৱৰ্তী ৪ বছৰত ৬,৩০০ হেক্টৰ সেউজীয়া উচ্চ ভূমি অঞ্চলক বনভূমি হিচাপে গঢ়ি তুলিব।

মন্ত্ৰীগৰাকীয়ে যমুনা নৈৰ পৰিস্কৰণৰ কাম চৰকাৰে অব্যাহত ৰাখিছে বুলি উল্লেখ কৰে। তেওঁ কয় যে দিল্লীৰ গোশালাসমূহৰ পৰা গোবৰ প্ৰত্যক্ষভাৱে যমুনা নৈত পেলাব নোৱাৰিব। শ্ৰীশ্বাহে আজি ভার্চুৱেল ব্যৱস্থাৰে ৩০০খন বৈদ্যুতিক বাছ, নতুনকৈ নিৰ্মাণ কৰা তিনিটা বাছ আস্থান আৰু ৪০টা যান-বাহনৰ প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰ মুকলি কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।