গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি কয়, যে সংস্কাৰ, ডিজিটাইজেছন আৰু পেছাদাৰী ব্যৱস্থাপনাৰ জৰিয়তে সমবায় আন্দোলনে এটা নতুন অধ্যয়ত প্ৰৱেশ কৰিছে। সমবায় মন্ত্ৰালয়ৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী সম্বোধন কৰি শ্ৰীশ্বাহে কয় যে দেশৰ প্ৰতিটো অঞ্চলৰে ৫ খনকৈ শ্রেষ্ঠ সমবায় সমিতিক স্বীকৃতি দিবলৈ এটা ৰেংকিং ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ লগতে কয় যে সমবায় বেংকসমূহ সম্প্রতি ২৭ লাখ কোটি টকাৰ অৰ্থনীতিৰ গৰাকী।
প্রাথমিক কৃষি ঋণ সমিতিসমূহ সুদৃঢ় কৰিবলৈ প্ৰচেষ্টা অব্যাহত আছে বুলি উল্লেখ কৰি গৃহমন্ত্ৰী তথা সমবায় মন্ত্রী অমিত শ্বাহে কৃষকসকলক জৈৱিক কৃষি সামগ্ৰীৰ উৎপাদন বৃদ্ধি আৰু ৰাসায়নিক সাৰৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, যে দেশৰ সমবায় খণ্ডৰ সৈতে জড়িত ৩০ কোটি লোক আৰু ৮ লাখ ৫০ হাজাৰতকৈ অধিক সমবায় সমিতিসমূহৰ বাবে আজি এটা পবিত্র দিন।
কিয়নো আজিৰ দিনটোতে প্রধানমন্ত্ৰী মোদীয়ে চৰকাৰত এটা স্বতন্ত্র সমবায় মন্ত্ৰালয় প্রতিষ্ঠা কৰাৰ সিদ্ধান্ত লৈছিল। শ্রীশ্বাহে লগতে কয় যে যোৱা ৫ বছৰত সমবায় খণ্ডক আধুনিক, স্বচ্ছ, প্রযুক্তিৰে জড়িত কৰিবলৈ প্ৰশংসনীয় কাম সম্পন্ন হৈছে।
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে আজি ড° শ্যামাপ্রসাদ মুখার্জীৰ ১২৫ সংখ্যক জন্মবার্ষিকীত সমাজ সংস্কাৰকগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। শ্ৰী শ্বাহে কয়, যে ড° শ্যামাপ্রসাদ মুখাৰ্জীয়ে ৰাষ্ট্ৰ প্ৰথম ধাৰণাক নিজৰ জীৱনৰ দিক্ নিৰ্দেশক কৰি লৈছিল। জাতীয় সংহতিৰ বাবে তেওঁৰ জীৱনজোৰা যুঁজ তথা অটল প্রতিশ্রুতিবদ্ধতাই পৰৱৰ্তী প্ৰজন্মক অনুপ্রাণিত কৰি যাব বুলি শ্ৰী শ্বাহে উল্লেখ কৰে।