শ্রী অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি সন্দৰ্ভত গৃহমন্ত্রী অমিত শ্বাহৰ পৰ্যালোচনা বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত শ্রী অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে।

এই বৈঠকত সেনা বাহিনীৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল, জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহা, চি আৰ পি এফ, বি এছ এফ, চি আই এছ এফ, আই টি বি পি আৰু এছ এছ বি সঞ্চালক প্রধান সকলো উপস্থিত থাকে।

অমৰনাথ যাত্ৰা অহা ৩ জুলাইত আৰম্ভ হ’ব আৰু ২৮ আগষ্টত সামৰণি পৰিব।