কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি মহাৰাষ্ট্ৰৰ কোলহাপুৰত এহেজাৰ ৪৪৫ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ শ্রীঅম্বাবাই মন্দিৰ উন্নয়ন প্রকল্প শুভাৰম্ভ কৰে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নাবীজ আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে।
এই উপলক্ষে আয়োজিত সভাত অংশগ্ৰহণ কৰি শ্রীশ্বাহে কয়, যে ঐতিহাসিক কাৰ্বিৰত থকা শ্রীঅম্বাবাই মন্দিৰ সমগ্ৰ দেশৰ ভক্তসকলৰ এটি প্রধান বিশ্বাস আৰু উপাসনাৰ কেন্দ্ৰ। তেওঁ কয় যে প্ৰকল্পটোৱে মন্দিৰটোৰ ঐতিহাসিক সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্যক সুৰক্ষিত ৰাখি ইয়াক আধুনিক তথা তীর্থযাত্ৰীক আকৰ্ষিত কৰিব পৰা স্থানত পৰিণত কৰিব।
তেওঁ কয় যে এই প্ৰকল্পটোৱে ভক্তসকলৰ সা-সুবিধা বৃদ্ধি কৰাৰ লগতে ধৰ্মীয় পৰ্যটন কেন্দ্ৰ হিচাপে কোলহাপুৰৰ স্থান উন্নীত কৰিব । শ্ৰীশ্বাহে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা ১২ টা বছৰত উন্নয়ন, সাংস্কৃতিক পুনৰুজ্জীৱন, ৰাষ্ট্ৰীয় সুৰক্ষা আদিৰ ক্ষেত্ৰত দেশে বিশেষভাৱে অগ্ৰগতি লাভ কৰিছে।
তেওঁ কয় যে এই সময়ছোৱাক দেশৰ ইতিহাসে ৰূপান্তৰকাৰী বিকাশৰ সময় হিচাপে স্মৰণ কৰিব। দেশৰ সাংস্কৃতিক ঐতিহ্য সুৰক্ষিত কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে সমগ্ৰ দেশতে গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু ঐতিহাসিক ক্ষেত্ৰসমূহ সংৰক্ষণ কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
তেওঁ কয় যে অম্বাবাই মন্দিৰ উন্নয়ন প্ৰকল্পই কেৱল তীর্থযাত্ৰীৰ ববে আন্তঃগাথনি উন্নয়ন কৰাই নহয় বৰঞ্চ কর্মসংস্থাপনৰ সুবিধা সৃষ্টি কৰাৰ লগতে স্থানীয় অর্থনীতিও উন্নীত কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় সুৰক্ষাৰ লগতে সীমা সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। এই অভিলাষী মন্দিৰ উন্নয়ন প্ৰকল্পটোৱে ঐতিহাসিক স্থান সুৰক্ষিত কৰাৰ লগতে অঞ্চলটোৰ পৰ্যটনকেন্দ্ৰিক উন্নয়নক ত্বৰান্বিত কৰিব।