‘‘ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন— নাফেডে দেশৰ প্রায় ৭৪ লাখ কৃষকক সহায় কৰি আহিছে’’—অমিত শ্বাহ

কেন্দ্রীয় সমবায় মন্ত্রী অমিত শ্বাহে কয়, যে ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন— নাফেডে দেশৰ প্রায় ৭৪ লাখ কৃষকক সহায় কৰি আহিছে। আজি নতুন দিল্লীত নাফেডৰ এটা নিলাম প’ৰ্টেল মুকলি কৰি শ্ৰীশ্বাহে এইদৰে প্ৰকাশ কৰে। এই প’ৰ্টেল মুকলি অনুষ্ঠানটো নতুন দিল্লীৰ অটল উৰ্জা ভৱনত অনুষ্ঠিত হয়।

শ্রী শ্বাহে ড° শ্যামাপ্রসাদ মুখাৰ্জীৰ মৃত্যু তিথি উপলক্ষে তেওঁলৈ শ্রদ্ধা জ্ঞাপন কৰে। শ্ৰী শ্বাহে ড° শ্যামাপ্রসাদ মুখার্জীক ৰাষ্ট্ৰীয়তাবাদী, সাংস্কৃতিক জাতীয়তাবাদ আৰু ভাৰতীয় সংস্কৃতিৰ পৃষ্ঠপোষক হিচাপে অভিহিত কৰে।

এই অনুষ্ঠানত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশে সমৃদ্ধি, উন্নয়ন আৰু গৌৰৱময় জাতি হিচাপে আগবঢ়াৰ লগতে কৃষি খণ্ডতো আমোল পৰিৱৰ্তন সাধিত হৈছে।

শ্ৰী চৌহানে বিগত ১২ বছৰত কৃষি খণ্ডত উৎপাদন চকুত পৰা ধৰণে বৃদ্ধি হোৱা বুলি প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে ২০১৪ চনৰ তুলনাত কৃষি উৎপাদন বর্তমান ৪৪ শতাংশলৈ বৃদ্ধি পাইছে। তেওঁ কয়, যে কৃষি বিপ্লৱৰ সময়ছোৱাতকৈও বৰ্তমান উৎপাদনৰ হাৰ বৃদ্ধি পাইছে।