কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ত্ৰিপুৰাৰ মহাৰাজ বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জনাইছে।
সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয়, যে মহাৰাজ মাণিক্য বাহাদুৰ এগৰাকী দূৰদৰ্শী নেতা হোৱাৰ লগতে প্ৰশাসনক জনসাধাৰণৰ কাষলৈ লৈ যোৱাৰ পোষকতা কৰিছিল।
মহাৰাজ মাণিক্য বাহাদুৰক আধুনিক ত্ৰিপুৰাৰ খনিকৰ বুলি অভিহিত কৰাৰ লগতে তেওঁ শিক্ষা, আন্তঃগাঁথনি আৰু প্ৰশাসন ব্যৱস্থালৈ যথেষ্ট বৰঙণি আগবঢ়োৱাৰ কথা উল্লেখ কৰে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে মহাৰাজ মাণিক্য বাহাদুৰৰ এই বৰঙণিয়ে ত্ৰিপুৰাৰ উন্নয়নৰ বাবে চৰকাৰক উৎসাহ যোগাই থাকিব।