কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে পুডুচেৰীত হৰ ঘৰ তিৰংগা যাত্ৰা মুকলি কৰে

কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে আজি পুডুচেৰীৰ মুৰুগা থিয়েটাৰ চিগনেলত হৰ ঘৰ তিৰংগা যাত্ৰা মুকলি কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত পুড়ুচেৰীৰ উপ-ৰাজ্যপাল কে কৈলাশনাথন, গৃহমন্ত্রী এ. নমশিবায়ম, কৃষি আৰু কৃষক কল্যাণ মন্ত্রী জি এন এছ ৰাজাশেখৰম আৰু বিজেপিৰ সভাপতি ভি পি ৰামালিংগম উপস্থিত থাকে। কেইবাহাজাৰ লোকে হাতত তিৰংগা পতাকা লৈ এই সমাবেশত অংশগ্রহণ কৰে।

ইয়াৰ পূৰ্বে গৃহমন্ত্রী শ্রীশ্বাহে গ’ৰিমেডুৰ আৰক্ষী প্রশিক্ষণ বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত ৰাষ্ট্ৰপতিৰ পুলিচ কালাৰ প্রদান কার্যসূচীত অংশগ্রহণ কৰে। এই উপলক্ষে গৃহমন্ত্ৰীগৰাকীয়ে পুডুচেৰী আৰক্ষীক অভিনন্দন জনাই কয় যে ৰাষ্ট্ৰপতি পুলিচ কালাৰ লাভ কৰাটো যিকোনো অনুশাসিত আৰক্ষী বাহিনীৰ বাবে অন্যতম গৌৰৱময় ক্ষণ।

তেওঁ কয় যে পুডুচেৰীৰ আৰক্ষীৰ সংখ্যা ৫ হাজাৰতকৈও কম যদিও ইয়াৰ আভ্যন্তৰীণ নিৰাপত্তা বজাই ৰখা তথা সুৰক্ষা দিয়া আৰু চহকী আধ্যাত্মিক ঐতিহ্য থকা কেন্দ্রীয় শাসিত অঞ্চলটোত সন্মান আৰু মৰ্যাদা ৰক্ষাৰ দায়িত্ব পুডুচেৰী আৰক্ষী বাহিনীৰ হাতত অর্পণ কৰা হৈছে।

উল্লেখযোগ্য যে ৰাষ্ট্ৰপতিৰ পুলিচ কালাৰ প্ৰদান কৰাৰ লগে লগে ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ ভিতৰত পুড়ুচেৰী এই সন্মান লাভ কৰা দেশৰ অষ্টাদশ অঞ্চল হিচাপে পৰিগণিত হৈছে। এই অনুষ্ঠানত পুড়ুচেৰীৰ উপ-ৰাজ্যপালৰ লগতে মুখ্যমন্ত্রী এন ৰংগস্বামী আৰু আন আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।