প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে নতুন প্ৰজন্মৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে নিৰন্তৰ সংস্কাৰৰ সিদ্ধান্ত গ্রহণ কৰি আহিছে বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে প্রকাশ কৰিছে। নন্দন নীলেকানিৰ নেতৃত্বত নতুনকৈ উচ্চ ক্ষমতাসম্পন্ন কাৰ্যবাহিনী গঠনৰ কথা উল্লেখ কৰি শ্ৰীশ্বাহে কয়, যে এই কার্যবাহিনীয়ে কোনোৱে যাতে দেশৰ শিক্ষা ব্যৱস্থাৰ শুদ্ধতা ভংগ কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰিব।
তেওঁ লগতে কয়, যে চৰকাৰে প্ৰশ্নকাকত ফাদিল কৰা সকলৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি প্রদান কৰি কোনোৱে যাতে এনে অপৰাধ কৰিবলৈ চেষ্টা নকৰে সেয়া নিশ্চিত কৰিব।