গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ তামিলনাডুৰ মহাৱলীপূৰমত দক্ষিণ খণ্ড পৰিষদৰ বৈঠকত সভাপতিত্ব কৰিব

গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ তামিলনাডুৰ মহাৱলীপূৰমত দক্ষিণ খণ্ড পৰিষদৰ বৈঠকত সভাপতিত্ব কৰিব। এই পৰিষদত অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, কেৰালা, তামিলনাডু আৰু তেলেংগানাৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰী, আন্দামান নিকোবৰ আৰু লক্ষদ্বীপ সন্নিবিষ্ট আছে।

দক্ষিণ অঞ্চলৰ সদস্য ৰাষ্ট্ৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপৰাজ্যপাল, মুখ্যমন্ত্ৰী, প্ৰশাসকসকলৰ লগতে প্ৰতিখন ৰাজ্যৰ দুজন জ্যেষ্ঠ মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব।

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে এই বৈঠকৰ বাবে মুখ্য সচিব পৰ্যায়ৰ এখন স্থায়ী সমিতি গঠন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰৰ বাবে গ্ৰহণ কৰা টীম ভাৰতৰ কল্পনা, সমবায় ফেদাৰলিজিম আদি বিষয়ত এই পৰিষদে উল্লেখযোগ্য অৱদান আগবঢ়াইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।