হৰ ঘৰ তিৰংগা অভিযানৰ কথা মন কী বাতত উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, জম্মু কাশ্মীৰৰ ৰিয়েছিত এটা তিৰংগা সমদলত বিশ্বৰ সৰ্বোচ্চ ৰেলৱে সেঁতু চেনাব ৰেলৱে সেঁতুত ৭৫০ মিটাৰ দীঘল ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হৈছিল। তেওঁ গৌৰৱেৰে কয় যে, এই ছবি দেখা প্ৰতিজন লোকৰে হৃদয় আনন্দৰে ভৰপূৰ হৈ উঠিছে। শ্রীমোদীয়ে কয় যে, শ্ৰীনগৰৰ দাল হ্ৰদতো তিৰংগা যাত্ৰাৰ অবিস্মৰণীয় ছবি দেখা গৈছিল। অৰুণাচল প্ৰদেশৰ পূৱ কামেং জিলাত ৬০০ ফুট দীঘল ৰাষ্ট্ৰীয় পতাকা লৈ তিৰংগা যাত্ৰা অনুষ্ঠিত হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে, একেধৰণেৰে আন আন ৰাজ্যতো সকলো বয়সৰ লোকে তিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে সন্তোষ প্ৰকাশ কৰি কয় যে, স্বাধীনতা দিৱস এতিয়া এটা সামাজিক মহোৎসৱত পৰিণত হোৱা বুলি দেশৰ প্ৰতিজন লোকে অনুভৱ কৰিব পাৰিছে। তেওঁ অনলাইনত ৰাষ্ট্ৰীয় পতাকা বিক্ৰীয়ে অভিলেখ গঢ়াৰ কথাও উল্লেখ কৰে। ৰাষ্ট্ৰীয় পতাকাক লৈ দেশজুৰি হোৱা উদ্বীপনাই দেশবাসীক একতাৰ ডোলেৰে বন্ধাৰ লগতে এক ভাৰত শ্ৰেষ্ঠ ভাৰতক প্ৰতিফলন কৰিছে বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে৷
Assamese | August 25, 2024 8:41 PM | Har Ghar Tirajnga | Mann Ki Baat
স্বাধীনতা দিৱস এতিয়া এটা সামাজিক মহোৎসৱত পৰিণত হোৱা বুলি দেশৰ প্ৰতিজন লোকে অনুভৱ কৰিছেঃ প্ৰধানমন্ত্ৰী মোদী