September 27, 2026 6:56 PM
9
অসমত দুষ্প্রাপ্য নল গাহৰি সংৰক্ষণৰ বাবে গ্রহণ কৰা প্ৰচেষ্টাৰ বিষয়ে প্রধানমন্ত্রীৰ মন কী বাতত উল্লেখ
পাৰিপাৰ্শ্বিকতা সন্দৰ্ভত মত প্রকাশ কৰি আকাশবাণীৰ মন কি বাত অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয়, যে পাৰিপাৰ্শ্বিকতাৰ ৰক্ষণাবেক্ষণ মানে অকল গছ-লতা বা জীৱকুলৰ ৰক্ষাই নহয়, বৰং এনে প্রচেষ্টাই সমগ্ৰ পৰিস্থিতি তন্ত্রটো সুদৃঢ় কৰি তোলে। দেশৰ বিভিন্ন অংশত অব্যাহত এনে ধৰণৰ প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰি শ্রী মোদীয়ে কয়, যে মানুহৰ দখলৰ বাবে এসময়ত হাতীৰ মুক্ত বিচৰণথলিৰূপে পৰিচিত অসমৰ সোণাই-ৰূপাই নামৰ বন্যপ্রাণী অভয়াৰণ্যৰ পৰা হাতী আন ঠাইলৈ আঁতৰি যাবলগীয়া হৈছিল। তিনি বছৰ পূৰ্বে মানুহৰ দখলৰ পৰা মুক্ত কৰাৰ পা...