September 27, 2026 6:56 PM

views 46

অসমত দুষ্প্রাপ্য নল গাহৰি সংৰক্ষণৰ বাবে গ্রহণ কৰা প্ৰচেষ্টাৰ বিষয়ে প্রধানমন্ত্রীৰ মন কী বাতত উল্লেখ

পাৰিপাৰ্শ্বিকতা সন্দৰ্ভত মত প্রকাশ কৰি আকাশবাণীৰ মন কি বাত অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয়, যে পাৰিপাৰ্শ্বিকতাৰ ৰক্ষণাবেক্ষণ মানে অকল গছ-লতা বা জীৱকুলৰ ৰক্ষাই নহয়, বৰং এনে প্রচেষ্টাই সমগ্ৰ পৰিস্থিতি তন্ত্রটো সুদৃঢ় কৰি তোলে। দেশৰ বিভিন্ন অংশত অব্যাহত এনে ধৰণৰ প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰি শ্রী মোদীয়ে কয়, যে মানুহৰ দখলৰ বাবে এসময়ত হাতীৰ মুক্ত বিচৰণথলিৰূপে পৰিচিত অসমৰ সোণাই-ৰূপাই নামৰ বন্যপ্রাণী অভয়াৰণ্যৰ পৰা হাতী আন ঠাইলৈ আঁতৰি যাবলগীয়া হৈছিল। তিনি বছৰ পূৰ্বে মানুহৰ দখলৰ পৰা মুক্ত কৰাৰ পা...

September 27, 2026 12:36 PM

views 28

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতত লোকপিয়লক সকলোৰে বাবে ৰাষ্ট্ৰীয় দায়িত্ব বুলি অভিহিত

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে লোকপিয়লক সকলোৰে বাবে ৰাষ্ট্ৰীয় দায়িত্ব বুলি অভিহিত কৰিছে। শ্রী মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত এই কথা প্রকাশ কৰে। তেওঁ কয়, যে নিজেই লোকপিয়লৰ সবিশেষ পঞ্জীয়ন কৰাৰ ব্যৱস্থা সুবিধাজনক আৰু জনসাধাৰণে ম'বাইলৰ সহায়ত অতি সহজে নিজৰ আৰু পৰিয়ালৰ তথ্য পঞ্জীয়ন কৰিব পাৰে। হিন্দীৰ লগতে ১৬ টা ভাৰতীয় ভাষাত এই সুবিধা উপলব্ধ বুলি শ্রী মোদীয়ে মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে লোকপিয়লৰ অনলাইন পোর্টেল se.census.gov.in ৰ জৰিয়তে নিজৰ ম'বাইল নম্বৰ আৰু পৰিয়ালৰ সবিশেষ সন্নিবিষ্ট কৰিবলৈ আহ্...

July 26, 2026 8:34 PM

views 24

প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন, ৰপ্তানি অথবা মৈত্ৰী ৰাষ্টসমূহৰ সৈতে ৰাজনৈতিক সহযোগিতাকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰত অবিৰতভাৱে নতুন শিখৰত উপনীত হৈছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন, ৰপ্তানি অথবা মৈত্ৰী ৰাষ্ট্ৰসমূহৰ সৈতে ৰাজনৈতিক সহযোগিতাকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰত অবিৰতভাবে নতুন শিখৰত উপনীত হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত এইদৰে প্ৰকাশ কৰে। শ্রীমোদীয়ে লগতে আজি কার্গিল বিজয় দিৱস উপলক্ষে দেশৰ সাহসী সৈনিকসকলক স্মৰণ কৰে। তেওঁ কয়, যে কার্গিল বিজয় দিবস উদযাপন কৰাৰ বাবেই ২৬ জুলাইৰ দিনটো মনত ৰাখিবলৈ দিনপঞ্জীৰ প্ৰয়োজন নহয়। এই দিনটোৱে সকলোৰে মন গৌৰৱৰ ভাৱনাৰে ভৰাই তোলে আৰু জনসাধাৰণক দেশৰ বীৰ সৈনিকৰ অসীম সাহসৰ বিষয়ে সোঁৱ...

July 26, 2026 7:29 PM

views 32

দেশৰ শিপিনীসকলৰ দক্ষতা আৰু সৃজনীশিলতাক উৎসাহিত কৰাৰ বাবে  ৭ আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হয় বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কয় যে ৰাষ্ট্ৰই অহা ৭ আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰিব। এই দিনটোত দেশৰ শিপিনীসকলৰ দক্ষতা আৰু সৃজনীশিলতাক উদযাপন কৰা হয় বুলি তেওঁ কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে হস্তনির্মিত সামগ্ৰীৰ ব্যৱহাৰৰ জৰিয়তে শিপিনীসকলক উৎসাহিত কৰাৰ লগতে ভকেল ফৰ লোকেল ধাৰণাক অধিক শক্তিশালী কৰি তুলিবলৈ জনসাধাৰণক আহ্বান জনাই। শ্রীমোদীয়ে অহা ১৫ আগষ্টত উদযাপন কৰিবলগীয়া স্বাধীনতা দিৱসৰ কথা উল্লেখ কৰি কয় যে এই দিনটোত দেশৰ স্বাধীনতাৰ হকে সর্বোচ্চ ত্যাগ কৰা সহস্ৰ বী...

July 26, 2026 7:15 PM

views 33

কেটচ-দ্যা ৰেইন অভিযানে বৰষুণৰ পানী সংৰক্ষণ, ভূগৰ্ভৰ পানী পুনৰ আহৰণ, পুৰণি জলস্তৰ পুনৰ উদ্ধাৰ তথা গছপুলি ৰোপণ কাৰ্যসূচীক নতুন গতি প্ৰদান কৰা বুলি প্রধানমন্ত্রীৰ উল্লেখ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কেটচ-দ্যা ৰেইন অভিযানৰ কথা উল্লেখ কৰি কয় যে এই বিশেষ ৰাষ্ট্ৰজোৰা অভিযান ৪ জুলাইৰ পৰা চলি আছে। এই অভিযানৰ দ্বাৰা বৰষুণৰ পানী সংৰক্ষণ, ভূগৰ্ভৰ পানী পুনৰ আহৰণ, পুৰণি জলস্তৰ পুনৰ উদ্ধাৰ তথা গছপুলি ৰোপণ কাৰ্যসূচীক নতুন গতি প্ৰদান কৰা হৈছে। শ্রীমোদীয়ে গাঁও কিম্বা চহৰ, পঞ্চায়ত অথবা সামাজিক সংস্থাসমূহকে ধৰি সকলোতে জনসাধাৰণৰ ব্যাপক অংশগ্রহণকলৈ সন্তুষ্টি প্রকাশ কৰে। তেওঁ কয় যে কোনো কোনো অঞ্চলত পুৰণি পুখুৰীসমূহৰ পৰা বোকা আতৰোৱাৰ লগতে বিভিন্ন ঠ...

July 26, 2026 1:38 PM

views 24

কার্গিল বিজয় দিবস উপলক্ষে দেশৰ সাহসী সৈনিকসকলকপ্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ স্মৰণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে কার্গিল বিজয় দিবস উপলক্ষে দেশৰ সাহসী সৈনিকসকলক স্মৰণ কৰে। তেওঁ কয় যে দেশে প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন, ৰপ্তানী অথবা মৈত্রী ৰাষ্ট্ৰসমূহৰ সৈতে ৰাজনৈতিক সহযোগিতাকে ধৰি বিভিন্ন ক্ষেত্ৰত অবিৰতভাৱে নতুন শিখৰত উপনীত হৈছে। তেওঁ কয়, যে কার্গিল বিজয় দিৱস উদযাপন কৰাৰ বাবেই ২৬ জুলাইৰ দিনটো মনত ৰাখিবলৈ দিনপঞ্জীৰ প্ৰয়োজন নহয়। শ্রীমোদীয়ে কয়, যে এই দিনটোৱে সকলোৰে মন গৌৰৱৰ ভাৱনাৰে ভৰাই তোলে আৰু জনসাধাৰণক দেশৰ বীৰ সৈনিকৰ অসীম সাহসৰ বিষয়ে সোঁৱৰা...

June 28, 2026 6:49 PM

views 28

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানত অসমৰ হাড়গিলা আৰ্মীৰ বিষয়ে উল্লেখ

মন কী বাত অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অসমৰ হাড়গিলা আৰ্মীৰ কথা উল্লেখ কৰে। তেওঁ কয় যে অসমৰ কেতবোৰ ঠাইত হাড়গিলা চৰাইক কিদৰে অস্পৃশ্য বুলি গণ্য কৰা হৈছিল বুলি আৰু অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ আনকি হাড়গিলা চৰায়ে বাহ সজা গছ কাটি দিয়া হৈছিল। এনে সময়তে পূর্ণিমা দেবী বর্মনে জনসাধাৰণৰ মাজত গভীৰভাৱে শিপাই থকা এই ভুল ধাৰণা দূৰ কৰাৰ বাবে পক্ষীবিধক লৈ মহিলাৰ সৈতে বিজ্ঞানৰ আধাৰত তথ্য সহকাৰে আলোচনা কৰে। ইয়াৰ ফলস্বৰূপে মহিলাসকলে এই অভিযানত যোগদান কৰিবলৈ লয় আৰু গুৰুত্ব পৰিৱৰ্তনৰ সূচনা হয়। হাড়গিলা চৰাইবিধক...

December 28, 2025 10:06 AM

views 107

দিনৰ ১১ বজাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আকাশবাণীৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১২৯ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেৱছাইট airnews আৰু newsonair মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্রধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ অস...

November 30, 2025 6:46 PM

views 87

শেহতীয়া ঘটনাৱলীয়ে ভাৰতৰ নতুন চিন্তা উদ্ভাৱন আৰু যুৱ শক্তিক উদ্ভাসিত কৰি তুলিছে বুলি মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে শেহতীয়া ঘটনাৱলীয়ে ভাৰতৰ নতুন চিন্তা উদ্ভাৱন আৰু যুৱ শক্তিক উদ্ভাষিত কৰি তুলিছে। এই সন্দৰ্ভত হায়দাবাদত নতুনকৈ উন্মোচন কৰা বিশ্বৰ সৰ্ববৃহৎ লিপ ইঞ্জিন এম আৰ অ'ৰ ব্যৱস্থা ভাৰতীয় নৌসেনাত আই এন এছ মাহেৰ অন্তৰ্ভুক্তি আৰু দেশত স্কাইৰুৰ্টৰ ইনফিনিটি চৌহদ মুকলি কৰাৰ দৰে বিষয়সমূহৰ উদাহৰণ দাঙি ধৰে। আকাশবাণীৰ আজিৰ মন কী বাত অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্রীমোদীয়ে কয়, যে কৃষিখণ্ডত লাভ কৰা গুৰুত্বপূৰ্ণ সাফল্যৰ জৰিয়তে ভাৰতে অভিলেখৰ সৃষ্টি কৰিছে। খাদ্য শস্যৰ উৎপাদনৰ পৰিমাণ...

November 30, 2025 6:43 PM

views 84

ক্রীড়াৰ ক্ষেত্ৰখনত ২০২৫ বৰ্ষৰ নৱেম্বৰ মাহটোক ছুপাৰ হিট বুলি অভিহিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ক্ৰীড়াৰ ক্ষেত্ৰখনত ২০২৫ বৰ্ষৰ নৱেম্বৰ মাহটোক চুপাৰ হিট বুলি অভিহিত কৰি মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্দৰ্ভত ভাৰতীয় মহিলা খেলুৱৈৰ দলে আই চি চি মহিলা বিশ্বকাপত খিতাপ দখল কৰাৰ প্ৰসংগ উল্লেখ কৰে। একেদৰে কেইদিনমানৰ পূৰ্বে টকিঅ'ত অনুষ্ঠিত বধিৰ খেলুৱৈৰ অলিম্পিক প্ৰতিযোগিতাত ভাৰতে কুৰিটা পদক দখল কৰাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে এয়া হল বৰ্তমানলৈ দেশৰ বাবে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। তদুপৰি কাবাডী বিশ্বকাপতো ভাৰতৰ মহিলা খেলুৱৈসকলে ইতিহাস সৃষ্টি কৰাৰ লগতে বিশ্ব বক্সিং কাপ প্রতিযোগিত...