June 28, 2026 6:49 PM | Mann Ki Baat

printer

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানত অসমৰ হাড়গিলা আৰ্মীৰ বিষয়ে উল্লেখ

মন কী বাত অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অসমৰ হাড়গিলা আৰ্মীৰ কথা উল্লেখ কৰে। তেওঁ কয় যে অসমৰ কেতবোৰ ঠাইত হাড়গিলা চৰাইক কিদৰে অস্পৃশ্য বুলি গণ্য কৰা হৈছিল বুলি আৰু অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ আনকি হাড়গিলা চৰায়ে বাহ সজা গছ কাটি দিয়া হৈছিল।

এনে সময়তে পূর্ণিমা দেবী বর্মনে জনসাধাৰণৰ মাজত গভীৰভাৱে শিপাই থকা এই ভুল ধাৰণা দূৰ কৰাৰ বাবে পক্ষীবিধক লৈ মহিলাৰ সৈতে বিজ্ঞানৰ আধাৰত তথ্য সহকাৰে আলোচনা কৰে। ইয়াৰ ফলস্বৰূপে মহিলাসকলে এই অভিযানত যোগদান কৰিবলৈ লয় আৰু গুৰুত্ব পৰিৱৰ্তনৰ সূচনা হয়। হাড়গিলা চৰাইবিধক ৰক্ষা কৰাৰ বাবে ওলাই অহা গ্রামাঞ্চলৰ এই হাজাৰ হাজাৰ মহিলা আজি হাড়গিলা আর্মীৰূপে জনাজাত বুলি প্রধানমন্ত্রী উল্লেখ কৰে।

অনুষ্ঠানৰ শেষত জল সংৰক্ষণত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে বৰষুণৰ প্ৰতি টোপাল পানী সংৰক্ষণ কৰা উচিত বুলি মন্তব্য কৰে। কেটছ দ্যা ৰেইন অভিযান মন্থৰ হোৱা উচিত নহয় বুলি প্রধানমন্ত্রীয়ে প্রকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।