কার্গিল বিজয় দিবস উপলক্ষে দেশৰ সাহসী সৈনিকসকলকপ্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ স্মৰণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে কার্গিল বিজয় দিবস উপলক্ষে দেশৰ সাহসী সৈনিকসকলক স্মৰণ কৰে। তেওঁ কয় যে দেশে প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন, ৰপ্তানী অথবা মৈত্রী ৰাষ্ট্ৰসমূহৰ সৈতে ৰাজনৈতিক সহযোগিতাকে ধৰি বিভিন্ন ক্ষেত্ৰত অবিৰতভাৱে নতুন শিখৰত উপনীত হৈছে। তেওঁ কয়, যে কার্গিল বিজয় দিৱস উদযাপন কৰাৰ বাবেই ২৬ জুলাইৰ দিনটো মনত ৰাখিবলৈ দিনপঞ্জীৰ প্ৰয়োজন নহয়।

শ্রীমোদীয়ে কয়, যে এই দিনটোৱে সকলোৰে মন গৌৰৱৰ ভাৱনাৰে ভৰাই তোলে আৰু জনসাধাৰণক দেশৰ বীৰ সৈনিকৰ অসীম সাহসৰ বিষয়ে সোঁৱৰাই দিয়ে। ছহিদসকলৰ প্ৰতি প্ৰণিপাত জনাই প্রধানমন্ত্রীয়ে কয় যে তেওঁলোকে দেশমাতৃৰ বাবে সর্বোচ্চ ত্যাগ কৰি গৈছে। শ্রীমোদীয়ে সকলোকে ছহিদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈ আৰু নিৰাপদ, সামর্থবান আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্প সুদৃঢ় কৰিবলৈ আহ্বান জনায়।

কার্গিল বিজয় দিৱসৰ লগত সংগতি ৰাখি যোৱা ১৪ জুলাইত দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা বিশেষ শৌৰ্য্য বিজয় যাত্রা উলিওৱা হৈছে আৰু আজি মটৰ চাইকেল শোভাযাত্রা ড্রাছত থকা কার্গিল যুদ্ধস্মাৰকত উপস্থিত হ’ব। তেওঁ কয়, যে এটা যাত্রা-এখন ৰাষ্ট একে ধৰণৰ অভিবাদন বাৰ্তাৰে উলিওৱা এই যাত্রাই সকলোকে এই কথা সোঁৱৰাই দিয়ে যে ৰাষ্ট্ৰৰ বাবে কৰা ত্যাগৰ বিষয়ে কেতিয়াও পাহৰিব নোৱাৰি।

দেশে অহৰহভাৱে প্রযুক্তিগত সামৰ্থ বৃদ্ধি কৰি আহিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে অলপতে আই এন এছ মহেন্দ্ৰগিৰি নামৰ দেশতে নির্মিত এখন অত্যাধুনিক যুদ্ধজাহাজ নৌসেনাত অন্তর্ভুক্ত কৰা হৈছে। জাহাজখনত ব্যৱহৃত ৭৫ শতাংশৰো অধিক সামগ্রী স্বদেশী বুলি প্রধানমন্ত্রীয়ে জানিবলৈ দিয়ে। প্রধানমন্ত্রীয়ে জাহাজখনক আত্মনিৰ্ভৰ ভাৰতৰ বৰ্ধিত শক্তিৰ প্ৰতিক বুলি অভিহিত কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।