July 26, 2026 8:48 PM

views 16

কার্গিল যুদ্ধত প্ৰাণ আহুতি দিয়া ভাৰতীয় সৈনিকৰ অসীম বীৰত্বৰ প্ৰতি সন্মান জনাই সমগ্র দেশত ২৭ সংখ্যক কার্গিল বিজয় দিৱস পালন

১৯৯৯ চনত কার্গিল যুদ্ধত প্ৰাণ আহুতি দিয়া ভাৰতীয় সৈনিকৰ অসীম বীৰত্বৰ প্ৰতি সন্মান জনাই সমগ্র দেশত আজি ২৭ সংখ্যক কার্গিল বিজয় দিৱস পালন কৰা হৈছে। এই অভিযানৰ সময়ত ভাৰতীয় সশস্ত্র বাহিনীসমূহে পাকিস্তানী সৈনিক আৰু সন্ত্রাসবাদীয়ে অনুপ্ৰৱেশ কৰা জম্মু-কাশ্মীৰৰ কাৰ্গিলৰ ভূখণ্ডক নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কার্গিল বিজয় দিবস উপলক্ষে দেশৰ বাবে সর্বোচ্চ বলিদান দিয়া সাহসী জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীশ্বাহে কয়, যে কার্গিল বিজয় দিবস হৈছে ভাৰতী...

July 26, 2026 1:38 PM

views 15

কার্গিল বিজয় দিবস উপলক্ষে দেশৰ সাহসী সৈনিকসকলকপ্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ স্মৰণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে কার্গিল বিজয় দিবস উপলক্ষে দেশৰ সাহসী সৈনিকসকলক স্মৰণ কৰে। তেওঁ কয় যে দেশে প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন, ৰপ্তানী অথবা মৈত্রী ৰাষ্ট্ৰসমূহৰ সৈতে ৰাজনৈতিক সহযোগিতাকে ধৰি বিভিন্ন ক্ষেত্ৰত অবিৰতভাৱে নতুন শিখৰত উপনীত হৈছে। তেওঁ কয়, যে কার্গিল বিজয় দিৱস উদযাপন কৰাৰ বাবেই ২৬ জুলাইৰ দিনটো মনত ৰাখিবলৈ দিনপঞ্জীৰ প্ৰয়োজন নহয়। শ্রীমোদীয়ে কয়, যে এই দিনটোৱে সকলোৰে মন গৌৰৱৰ ভাৱনাৰে ভৰাই তোলে আৰু জনসাধাৰণক দেশৰ বীৰ সৈনিকৰ অসীম সাহসৰ বিষয়ে সোঁৱৰা...

July 26, 2026 9:58 AM

views 27

সমগ্র দেশত ২৭ সংখ্যক কার্গিল বিজয় দিৱস পালন

১৯৯৯ চনত কার্গিল যুদ্ধত প্রান আহুতি দিয়া ভাৰতীয় সৈনিকৰ অসীম বীৰত্বৰ প্ৰতি সন্মান জনাই সমগ্র দেশত আজি ২৭ সংখ্যক কার্গিল বিজয় দিৱস পালন কৰা হৈছে। এই অভিযানৰ সময়ত ভাৰতীয় সশস্ত্র বাহিনীসমূহে পাকিস্তানী সৈনিক আৰু সন্ত্রাসবাদীয়ে অনুপ্ৰৱেশ কৰা জম্মু-কাশ্মীৰৰ কাৰ্গিলৰ ভূখণ্ডক নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল।

July 26, 2025 11:34 AM

views 59

ৰাজ্যৰ বিভিন্ন ঠাইত কাৰ্গিল বিজয় দিৱস উদ্‌যাপন

১৯৯৯ চনৰ কাৰ্গিল যুদ্ধক সুঁৱৰি আজি দেশজুৰি কাৰ্গিল বিজয় দিৱস উদ্‌যাপন কৰা হৈছে। অসমৰ বিভিন্ন স্থানতো শ্বহীদ সেনা জোৱানসকলক সোঁৱৰণ কৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিন্টু গগৈৰ সমাধিস্থলীতো বীৰ শ্বহীদগৰাকীক আজিৰ দিনটোত স্মৰণ কৰা হৈছে। গুৱাহাটীৰ শিলপুখুৰীত থকা যুদ্ধ স্মাৰকত শ্বহীদ স্মৰণ কাৰ্যসূচীৰ আয়োজন কৰাৰ লগতে শিলচৰৰ ই এণ্ড ডি কলনীৰ কাৰ্গিল শ্বহীদ স্মাৰকত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। কাৰ্গিল বিজয় দিৱস উপলক্ষে কাছাৰ জিলা বিজেপিয়ে আজি সন্ধিয়া শিলচৰত এটা সমদল উলিয়াব। এই কাৰ্যস...

July 26, 2025 10:20 AM

views 66

সমগ্ৰ দেশতে কাৰ্গিল বিজয় দিৱস উদযাপন

১৯৯৯ চনৰ কাৰ্গিল যুদ্ধত আত্মবলিদান দিয়া ভাৰতীয় সেনাৰ সাহস আৰু ত্যাগক সন্মান জনোৱাৰ অর্থে আজি সমগ্ৰ দেশতে কাৰ্গিল বিজয় দিৱস উদযাপন কৰা হৈছে। পাকিস্তান আৰু ভাৰতৰ মাজত হোৱা সংঘাতৰ পৰিণতিত বিজয় অভিযানৰ জৰিয়তে ভাৰতে কার্গিল যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰা আজি ২৬ বছৰ পূৰ্ণ হৈছে। ভাৰতীয় সেনাই বিজয় অভিযানৰ জৰিয়তে পাকিস্তানৰ সেনাই অকৰ্তৃত্বশীলভাৱে দখল কৰি থকা জম্মু-কাশ্মীৰৰ কাৰ্গিল ভূমিক উদ্ধাৰ কৰিছিল৷