কার্গিল যুদ্ধত প্ৰাণ আহুতি দিয়া ভাৰতীয় সৈনিকৰ অসীম বীৰত্বৰ প্ৰতি সন্মান জনাই সমগ্র দেশত ২৭ সংখ্যক কার্গিল বিজয় দিৱস পালন

১৯৯৯ চনত কার্গিল যুদ্ধত প্ৰাণ আহুতি দিয়া ভাৰতীয় সৈনিকৰ অসীম বীৰত্বৰ প্ৰতি সন্মান জনাই সমগ্র দেশত আজি ২৭ সংখ্যক কার্গিল বিজয় দিৱস পালন কৰা হৈছে। এই অভিযানৰ সময়ত ভাৰতীয় সশস্ত্র বাহিনীসমূহে পাকিস্তানী সৈনিক আৰু সন্ত্রাসবাদীয়ে অনুপ্ৰৱেশ কৰা জম্মু-কাশ্মীৰৰ কাৰ্গিলৰ ভূখণ্ডক নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল।

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কার্গিল বিজয় দিবস উপলক্ষে দেশৰ বাবে সর্বোচ্চ বলিদান দিয়া সাহসী জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীশ্বাহে কয়, যে কার্গিল বিজয় দিবস হৈছে ভাৰতীয় সেনাৰ অদম্য সাহস আৰু বীৰত্বৰ প্ৰতীক।

লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো এই দিৱস উপলক্ষে কার্গিলত নিহত বীৰ জোৱানসকললৈ শ্রদ্ধা নিবেদন কৰে। এটা বাৰ্তাত শ্রীবিৰলাই কার্গিল যুদ্ধৰ জোৱানসকলৰ অদম্য সাহস আৰু অটল সমর্পণে পৰৱৰ্তী প্ৰজন্মক অনুপ্রাণিত কৰি যাব বুলি উল্লেখ কৰে।

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই কার্গিল বিজয় দিৱস উপলক্ষে দীঘলীপুখুৰীৰ যুদ্ধস্মাৰকত বীৰ জোৱানসকলৰ স্মৃতিত শ্রদ্ধা নিবেদন কৰে। এই উপলক্ষে দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে কয়, যে কার্গিল বিজয় দিবসে ভাৰতীয় সেনা জোৱানৰ অতুলনীয় সাহস, ত্যাগ আৰু অদম্য উদ্যমকে প্রতিফলিত কৰে।

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কার্গিল বিজয় দিৱস উপলক্ষে ২৭ বছৰ পূৰ্বে দেশমাতৃৰ সুৰক্ষাৰ বাবে নিজৰ প্রাণ আহুতি দিয়া বীৰ জোৱানসকলৰ প্রতি শ্রদ্ধা নিবেদন কৰে। এই উপলক্ষে দিয়া এটা বার্তাত মুখ্যমন্ত্রীয়ে এই দিনটোৱে কেৱল সামৰিক বিজয়ৰ স্মৃতি নহয় বৰং সেনা বাহিনীৰ অতুলনীয় সাহস, অদম্য সংকল্প আৰু সর্বোচ্চ ত্যাগক প্রতিফলিত কৰে বুলি উল্লেখ কৰে।

ৰাজ্যৰ বিভিন্ন প্রান্তত আজি কার্গিল বিজয় দিৱস উপলক্ষে ছহিদৰ স্মৃতিত শ্রদ্ধা নিবেদন কৰা হৈছে। কাছাৰ জিলাৰ শ্রীকোনাত আজি আছাম ৰাইফলছে এই দিৱস পালন কৰে। এই উপলক্ষে আয়োজিত একতাৰ দৌৰত আছাম ৰাইফলছৰ জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে অংশগ্রহণ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।