July 26, 2026 8:48 PM

views 16

কার্গিল যুদ্ধত প্ৰাণ আহুতি দিয়া ভাৰতীয় সৈনিকৰ অসীম বীৰত্বৰ প্ৰতি সন্মান জনাই সমগ্র দেশত ২৭ সংখ্যক কার্গিল বিজয় দিৱস পালন

১৯৯৯ চনত কার্গিল যুদ্ধত প্ৰাণ আহুতি দিয়া ভাৰতীয় সৈনিকৰ অসীম বীৰত্বৰ প্ৰতি সন্মান জনাই সমগ্র দেশত আজি ২৭ সংখ্যক কার্গিল বিজয় দিৱস পালন কৰা হৈছে। এই অভিযানৰ সময়ত ভাৰতীয় সশস্ত্র বাহিনীসমূহে পাকিস্তানী সৈনিক আৰু সন্ত্রাসবাদীয়ে অনুপ্ৰৱেশ কৰা জম্মু-কাশ্মীৰৰ কাৰ্গিলৰ ভূখণ্ডক নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কার্গিল বিজয় দিবস উপলক্ষে দেশৰ বাবে সর্বোচ্চ বলিদান দিয়া সাহসী জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীশ্বাহে কয়, যে কার্গিল বিজয় দিবস হৈছে ভাৰতী...

July 24, 2026 8:40 PM

views 15

অসমৰ ৰাজ্যপাল তথা ইণ্ডিয়ান ৰেডক্ৰছ ছ’চাইটীৰ অসম শাখাৰ সভাপতি লক্ষ্মন প্রসাদ আচাৰ্যৰ উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

অসমৰ ৰাজ্যপাল তথা ইণ্ডিয়ান ৰেডক্ৰছ ছ’চাইটীৰ অসম শাখাৰ সভাপতি লক্ষ্মন প্রসাদ আচাৰ্য্যই আজি এখন উচ্চস্তৰীয় পৰ্য্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত ৰাজ্যপালগৰাকীয়ে অসমৰ শেহতীয়া প্ৰলয়ংকৰী বানত ক্ষতিগ্রস্ত লোকসকলৰ প্ৰতি সঁহাৰি আৰু সাহায্য বিতৰণৰ ক্ষেত্ৰত ৰেডক্ৰছ ছ’চাইটীৰ অৱদানৰ বুজ লয় ।  বৈঠকত অসম শাখাৰ মুখ্য সচিব দেৱ প্ৰসাদ মিশ্ৰই শেহতীয়া বানত ৰাজ্যৰ বিভিন্ন স্থানত, বিশেষকৈ উজনি অসমৰ জিলাসমূহত সাহায্য প্ৰদান আৰু উদ্ধাৰ অভিযানৰ ক্ষেত্ৰত লোৱা পদক্ষেপসমূহৰ বিষয়ে বিস্তৃত বিৱৰণ দাঙি ধৰে ৷

July 19, 2026 7:36 PM

views 12

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ কোর্টৰ সদস্য হিচাপে চাৰিগৰাকী বিশিষ্ট ব্যক্তিক ৰাজ্যপালে মনোনীত কৰিছে

ৰাজ্যপাল তথা ভট্টদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্রসাদ আচার্যই বিশ্ববিদ্যালয় আইন ২০১৭ৰ ২৩ (১) খ ধাৰাৰ অধীনত বিশ্ববিদ্যালয় কোর্টৰ সদস্য হিচাপে চাৰিগৰাকী বিশিষ্ট ব্যক্তিক মনোনীত কৰিছে। ৰাজ্যপালৰ সচিবালয়ে জাৰি কৰা জাননী অনুসৰি কেন্দ্ৰীয় আয়ুষ মন্ত্ৰ্যালয়ৰ অধীনৰ চি চি আৰ এ এছৰ আঞ্চলিক আয়ুর্বেদ গৱেষণা প্ৰতিষ্ঠান গেংটকৰ সহকাৰী সঞ্চালক তথা বিজ্ঞানী ড০ শ্রীপ্রকাশ আৰু কটন বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞান বিভাগৰ অধ্যাপক ড০ দেৱজিৎ শর্মাক সদস্য হিচাপে মনোনীত কৰা হৈছে। একেদৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্রাক্ত...

July 15, 2026 8:17 PM

views 15

বান ব্যৱস্থাপনা শক্তিশালী আৰু খহনীয়া ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰৰ ব্যাপক পদক্ষেপ গ্রহণ

ৰাজ্য চৰকাৰে বান ব্যৱস্থাপনা শক্তিশালী কৰিবলৈ আৰু খহনীয়া ৰোধ কৰিবলৈ ব্যাপক পদক্ষেপ গ্রহণ কৰা বুলি ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্যই প্রকাশ কৰিছে। আজি ডিব্ৰুগড়ৰ মাইজানৰ নগাধূলি ঘাটৰ জলসম্পদ প্রকল্প পৰিদৰ্শন কৰি ৰাজ্যপালগৰাকীয়ে বান নিয়ন্ত্রণ তথা খহনীয়া প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা সাম্প্ৰতিক ব্যৱস্থাসমূহৰ বুজ লৈ এই কথা প্রকাশ কৰে। তেওঁ পৰিৱেশৰ স্থায়িত্ব বৃদ্ধিৰ বাবে মথাউৰিৰ কাষে কাষে গছ পুলি ৰোপন কৰা তথা এই স্থানসমূহত পৰ্যটনৰ সা-সুবিধা বৃদ্ধি কৰাকে ধৰি স্থানীয় যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্...

July 8, 2026 1:49 PM

views 19

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যক সাক্ষাৎ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি লোক ভৱনত ৰাজ্যপাল শ্রী লক্ষ্মণ প্রসাদ আচাৰ্যক সাক্ষাৎ কৰি ৰাজ্যখনৰ উচ্চ শিক্ষা খণ্ডক শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে। তেওঁ উচ্চ শিক্ষাৰ গুণগত মান বৃদ্ধি কৰা, শিক্ষাৰ সুযোগসমূহ সম্প্ৰসাৰণ কৰা আৰু গৱেষণা, উদ্ভাৱন তথা শৈক্ষিক উৎকৃষ্টতাৰ বাবে এটা সুস্থ পৰিবেশতন্ত্ৰ গঢ়ি তুলিবলৈ গ্ৰহণ কৰা ধাৰাবাহিক প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে। ৰাজ্যপাল শ্ৰী আচাৰ্যই শিক্ষা বিভাগে উচ্চ শিক্ষাৰ মান উন্নত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ শলাগ লয়। তেওঁ লগ...

October 22, 2025 7:27 PM

views 61

নিক্ষয় মিত্ৰ কাৰ্যসূচীৰ অধীনত ৰাজভৱনত বিশেষ অনুষ্ঠান

যক্ষ্মা মুক্ত ভাৰত নিৰ্মাণৰ লক্ষ্যৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নিক্ষয় মিত্ৰ কাৰ্যসূচীৰ অধীনত ৰাজভৱনত আয়োজিত এটি বিশেষ অনুষ্ঠানত কামৰূপ মহানগৰ আৰু নগাওঁ জিলাৰ এশগৰাকী যক্ষ্মা ৰোগীৰ চিকিৎ‍সাৰ দায়িত্ব গ্রহণ কৰে। উল্লেখযোগ্য যে ৰাজভৱনত আয়োজিত এটা অনুষ্ঠানত ৫ গৰাকী যক্ষ্মা ৰোগীলৈ খাদ্য সামগ্রী বিতৰণ কৰি ৰাজ্যপালগৰাকীয়ে পূর্বে এই কথা ঘোষণা কৰিছিল। আজি শ্ৰীআচাৰ্যই স্বাস্থ্য সেৱাৰ উন্নীতকৰণৰ ক্ষেত্ৰত সামূহিক অংশগ্ৰহণত গুৰুত্ব আৰোপ কৰি কয় যে দেশৰ জনস্বাস্থ্যৰ ক্ষেত্ৰত যক্ষ্মা এতিয়াও বৃহৎ প্ৰ...

September 1, 2025 7:36 PM

views 48

গুৱাহাটীত সশস্ত্র বাহিনী পতাকা দিৱসৰ পুজি ব্যৱস্থাপনা সমিতিৰ ৪৮ সংখ্যক ৰাজ্যিক বৈঠক

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই গুৱাহাটীত অনুষ্ঠিত সশস্ত্র বাহিনী পতাকা দিৱসৰ পুজি ব্যৱস্থাপনা সমিতিৰ ৪৮ সংখ্যক ৰাজ্যিক বৈঠকত অংশগ্ৰহণ কৰে। প্ৰাক্তন সেনাসকলৰ কল্যাণ আৰু পুনৰ সংস্থাপনৰ বাবে গঠিত এই সমিতিৰ বৈঠকত সেনাৰ জোৱান আৰু তেওঁলোকৰ কল্যাণৰ সৈতে জড়িত বিষয়সমূহ আলোচনা কৰা হয়। বৈঠকত ৰাজ্যপাল গৰাকীয়ে সেনাবাহিনীৰ প্ৰাক্তন জোৱানসকলৰ কল্যাণৰ কামত দায়বদ্ধতা প্ৰদৰ্শন কৰা সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ লগতে এই সেনা জোৱানসকলৰ সহায়ৰ বাবে সর্বোৎকৃষ্ট সেৱা আগবঢ়োৱাৰ উপৰি নৈতিক মান বৰ্তাই ৰাখিবলৈ আহ্...

August 24, 2025 12:42 PM

views 48

কাছাৰৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ অগ্ৰগতি পর্যালোচনা ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যৰ

■ কাছাৰ জিলাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ অগ্ৰগতি পর্যালোচনা কৰি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই সন্তুষ্টি প্ৰকাশ কৰিছে। ৰাজ্যপালগৰাকীয়ে কালি শিলচৰৰ কাছাৰ জিলা প্ৰশাসনৰ কাৰ্যালয়ত অনুষ্ঠিত এখন পর্যালোচনা বৈঠকত বিভাগীয় বিষয়াসকলৰ সৈতে মিলিত হয়। পাছত তেওঁ সাংবাদিকৰ আগত কয়, যে কাছাৰৰ উন্নয়নমূলক কামকাজত তেওঁ সন্তুষ্টি লাভ কৰিছে। এই প্রচেষ্টাই অনাগত দিনত জিলাখনত অধিক উন্নয়নৰ পথ মুকলি কৰিব বুলিও তেওঁ আশা প্রকাশ কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে শিলচৰলৈ যোৱা ৰাজ্যপালগৰৰাকীয়ে নিচামুক্ত সমাজ গঢ়াৰ বাবে ...

July 11, 2025 11:07 AM

views 63

বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণৰ বুজ লোৱাৰ উদ্দেশ্যে কাৰ্বি আংলঙত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য

● দুদিনীয়া ভ্ৰমণসূচীৰে কাৰ্বি আংলঙলৈ যোৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণৰ বুজ লোৱাৰ উদ্দেশ্যে জিলাখনৰ কেইবাটাও অঞ্চল ভ্ৰমণ কৰিব। তেওঁ ডিফু চহৰৰ পৰা ২৫ কিলোমিটাৰ নিলগৰ লংনিত, মহংডিজুৱা আৰু মাঞ্জাত জলজীৱন মিছন আৰু অন্যান্য উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ বুজ ল'ব। উল্লেখযোগ্য যে, ৰাজ্যপালগৰাকীয়ে কালি কাৰ্বি আংলঙত উপস্থিত হৈ জিলাখনৰ বিভিন্ন শ্ৰেণীৰ লোকৰ সৈতে মত বিনিময় কৰে। পদ্মশ্ৰী সন্মানপ্রাপক, আগশাৰীৰ খেলুৱৈ, সমাজকৰ্মী আৰু স্বাধীনতা সংগ্ৰামীসকলৰ সৈতে হো...

April 11, 2025 11:24 AM

views 68

অসম মহিলা বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ অংশগ্ৰহণ

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সমাজ আৰু দেশৰ হিতৰ বাবে মেধা শক্তিৰ প্ৰয়োগ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনাইছে। যোৰহাটৰ ৰৰৈয়াত অনুষ্ঠিত অসম মহিলা বিশ্ববিদ্যালয়ৰ চৌহদত অনুষ্ঠিত চতুৰ্থ সমাৱৰ্তনত অংশগ্ৰহণ কৰি ৰাজ্যপালগৰাকীয়ে এইদৰে আহ্বান জনায়। ৰাজ্যপাল আচাৰ্যই প্রাচীন ভাৰতৰ গাৰ্গী, লোপামুদ্ৰাৰ পৰা আৰম্ভ কৰি ৰাণী লক্ষ্মীবাঈ, সাৱিত্ৰী বাঈ ফুলে পর্যন্ত বিভিন্ন ক্ষেত্ৰৰ বিদূষী মহিলাৰ উদাহৰণ দি কয় যে বর্তমান সময়ত মহিলাসকলে কৃত্রিম বুদ্ধিমত্তা, ডাটা বিজ্ঞান, সেউজ প্রযুক্তি আদি দিশো আয়ত্ত ...