July 15, 2026 8:17 PM | Assam Governor

printer

বান ব্যৱস্থাপনা শক্তিশালী আৰু খহনীয়া ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰৰ ব্যাপক পদক্ষেপ গ্রহণ

ৰাজ্য চৰকাৰে বান ব্যৱস্থাপনা শক্তিশালী কৰিবলৈ আৰু খহনীয়া ৰোধ কৰিবলৈ ব্যাপক পদক্ষেপ গ্রহণ কৰা বুলি ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্যই প্রকাশ কৰিছে। আজি ডিব্ৰুগড়ৰ মাইজানৰ নগাধূলি ঘাটৰ জলসম্পদ প্রকল্প পৰিদৰ্শন কৰি ৰাজ্যপালগৰাকীয়ে বান নিয়ন্ত্রণ তথা খহনীয়া প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা সাম্প্ৰতিক ব্যৱস্থাসমূহৰ বুজ লৈ এই কথা প্রকাশ কৰে। তেওঁ পৰিৱেশৰ স্থায়িত্ব বৃদ্ধিৰ বাবে মথাউৰিৰ কাষে কাষে গছ পুলি ৰোপন কৰা তথা এই স্থানসমূহত পৰ্যটনৰ সা-সুবিধা বৃদ্ধি কৰাকে ধৰি স্থানীয় যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাতো গুৰুত্ব আৰোপ কৰে। এই পৰিদৰ্শন কালত ৰাজ্যপালগৰাকীয়ে জলসম্পদ বিভাগৰ বিষয়াসকলৰ সৈতে প্রকল্পটোৰ সুৰক্ষা আৰু স্থায়িত্বৰ বিষয়েও আলোচনা কৰে। ইয়াৰ পিছতে ৰাজ্যপাল আচার্যই চাবুৱাত নির্মীয়মান উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন ক্রীড়া বিশ্ববিদ্যালয় শ্রীশ্রীঅনিৰুদ্ধদেৱ ক্রীড়া বিশ্ববিদ্যালয়ৰ চৌহদো পৰিদৰ্শন কৰে। এই পৰিদৰ্শন কালত বিশ্ববিদ্যালয়খনৰ উপাচার্য অধ্যাপক ড° হীৰেন্দ্ৰ নাথ শর্মা, পঞ্জীয়ক পংকজ বৰঠাকুৰকে ধৰি অধ্যাপক, অধ্যাপিকা আৰু শিক্ষার্থীসকলো উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।