ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যক সাক্ষাৎ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি লোক ভৱনত ৰাজ্যপাল শ্রী লক্ষ্মণ প্রসাদ আচাৰ্যক সাক্ষাৎ কৰি ৰাজ্যখনৰ উচ্চ শিক্ষা খণ্ডক শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে।

তেওঁ উচ্চ শিক্ষাৰ গুণগত মান বৃদ্ধি কৰা, শিক্ষাৰ সুযোগসমূহ সম্প্ৰসাৰণ কৰা আৰু গৱেষণা, উদ্ভাৱন তথা শৈক্ষিক উৎকৃষ্টতাৰ বাবে এটা সুস্থ পৰিবেশতন্ত্ৰ গঢ়ি তুলিবলৈ গ্ৰহণ কৰা ধাৰাবাহিক প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে।

ৰাজ্যপাল শ্ৰী আচাৰ্যই শিক্ষা বিভাগে উচ্চ শিক্ষাৰ মান উন্নত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ শলাগ লয়। তেওঁ লগতে উচ্চ শিক্ষাত হোৱা পৰিৱৰ্তনসমূহৰ ওপৰত নিৰন্তৰ দৃষ্টি ৰাখিবলৈ আহ্বান জনায়।