April 9, 2025 12:48 AM

views 39

ভাৰতীয় তথ্য আয়োগৰ ৰাষ্ট্রীয় সংঘৰ ৩২ সংখ্যক পৰিচালনা পৰিষদ আৰু ১৪ সংখ্যক বাৰ্ষিক সাধাৰণ সভাৰ শুভাৰম্ভ ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্যৰ

ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্যই আজি গুৱাহাটীত ভাৰতীয় তথ্য আয়োগৰ ৰাষ্ট্রীয় সংঘৰ ৩২ সংখ্যক পৰিচালনা পৰিষদ আৰু ১৪ সংখ্যক বাৰ্ষিক সাধাৰণ সভাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে কয়, যে আয়োগৰ এই অনুষ্ঠান কেৱল সংঘৰ আনুষ্ঠানিক সমাবেশেই নহয়, বৰঞ্চ ভাৰতীয় গণতন্ত্ৰৰ স্বচ্ছ সংস্কৃতিৰ গুৰুত্বপূৰ্ণ উদযাপন। ২০০৫ চনত প্ৰৱৰ্তন কৰা তথ্য জনাৰ অধিকাৰ আইনৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, যে এই আইনখনে স্বচ্ছতাক ৰক্ষা কৰাৰ লগতে দুর্নীতি হ্ৰাস কৰা প্ৰশাসনিক সেৱা আগবঢ়োৱা আৰু দায়বদ্ধতা সুনিশ্চিত ক...

March 27, 2025 11:18 AM

views 43

অসমে ভাৰত আৰু জাৰ্মানীৰ মাজৰ সম্পৰ্কত নতুন গতি প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব: ৰাজ্যপাল

■ দক্ষিণ-পূব এছিয় ৰাষ্ট্ৰসমূহৰ প্ৰৱেশদ্বাৰ ৰূপে অসমে ভাৰত আৰু জাৰ্মানীৰ মাজৰ সম্পৰ্কত নতুন গতি প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই প্ৰকাশ কৰিছে। ৰাজভৱনত কালি ভাৰতত জাৰ্মানীৰ ৰাষ্ট্রদূত ড° ফিলিপ একাৰমেনৰ সৈতে হোৱা বৈঠকত ৰাজ্যপালগৰাকীয়ে এই কথা প্ৰকাশ কৰে। বৈঠকত অসমত ঐতিহ্য পৰ্যটনৰ পৰা বিনিয়োগৰ সম্ভাৱনা লৈ বিভিন্ন বিষয়ে স্থান লাভ কৰে। আই আই টি খড়গপুৰ আৰু জাৰ্মানীৰ শৈক্ষিক বিনিময় সেৱাৰ মাজৰ সহযোগিতাৰ কথা উল্লেখ কৰি ৰাজ্যপাল আচাৰ্যই আই আই টি গুৱাহাটীৰ ...

March 13, 2025 11:37 AM

views 35

শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱ ক্রীড়া বিশ্ববিদ্যালয়ৰ কাম ২০২৬ বৰ্ষৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ ৰাজ্যপালৰ নিৰ্দেশ

■ ডিব্ৰুগড় জিলাৰ চাবুৱাত নিৰ্মাণৰত শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱ ক্রীড়া বিশ্ববিদ্যালয়ৰ কাম অহা বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য লক্ষণ প্রসাদ আচার্যই নির্দেশ দিছে। ৰাজ্যপালগৰাকীয়ে কালি উত্তৰ-পূবৰ প্ৰথমখন ৰাজ্যিক ক্রীড়া বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰি লেহেমীয়া গতিৰে চলি থকা কামক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। উল্লেখযোগ্য যে প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ কাৰ্যকালত এই বিশ্ববিদ্যালয়খন নিৰ্মাণৰ প্ৰস্তাৱ লোৱা হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত ২০২৩ চনত মুখ্যমন্ত্র...

February 23, 2025 11:50 AM

views 44

শিক্ষাক যিকোনো সমাজৰ মেৰুদণ্ড বুলি ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্য্যই অভিহিত কৰিছে

ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্য্যই শিক্ষাক যিকোনো সমাজৰ মেৰুদণ্ড বুলি অভিহিত কৰিছে। ৰাজভৱনৰ উদ্যোগত আৰু উচ্চ শিক্ষা বিভাগৰ সহযোগত কালি গুৱাহাটীৰ অসম প্রশাসনিয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এখন সন্মিলনত অংশগ্ৰহণ কৰি ৰাজ্যপালগৰাকীয়ে এইদৰে কয়। তেওঁ কয়, যে বিশেষকৈ উচ্চ শিক্ষাই কোনো এখন দেশৰ আধ্যাত্মিক, বৈজ্ঞানিক আৰু সামাজিক প্ৰগতিৰ ভেটি হিচাপে কাম কৰে। প্রাচীন বৈদিক শিক্ষাৰ পৰা বৰ্তমানৰ পৰ্যায়লৈ অসমৰ উত্তৰণত আলোকপাত কৰি ৰাজ্যপালগৰাকীয়ে শিক্ষাৰ কেন্দ্ৰ হিচাপে অসমৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰে। ...

February 22, 2025 12:32 PM

views 50

শিক্ষা বিভাগৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ ওপৰত ৰাজ্যপালৰ গুৰুত্ব আৰোপ

ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্য্যই ৰাজ্যখনক উচ্চ শিক্ষাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত শিক্ষা বিভাগৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। ৰাজভৱনত অনুষ্ঠিত এখন বৈঠকত কালি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ সৈতে হোৱা আলোচনাত ৰাজ্যপালগৰাকীয়ে এই কথা প্ৰকাশ কৰি কয়, যে সমাজখনক উৎকৰ্ষতাৰ দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত শিক্ষাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। শ্রীআচাৰ্য্যই উচ্চ শিক্ষা বিভাগৰ কাৰ্যকলাপ আৰু ভৱিষ্যতৰ কাৰ্যপন্থাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয়, যে ৰাজ্যখনৰ উন্নয়নৰ গতি ত্বৰান্বিত ক...

February 17, 2025 6:43 PM

views 63

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ ভাষণেৰে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ

কোকৰাঝাৰৰ বিটিচিৰ বিধায়িনী ভৱনত আজি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ ভাষণেৰে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ হয়। ৰাজ্যপালগৰাকীয়ে তেওঁৰ ভাষণত ৰাজ্যৰ অৰ্থনৈতিক বিকাশ, কল্যাণমূলক আঁচনি তথা সম্প্রতি ৰাজ্যখনে বিভিন্ন ক্ষেত্ৰত লাভ কৰা সাফল্যৰ বিষয়ত আলোকপাত কৰে। শ্ৰীআচাৰ্যই কয়, যে বিগত দশকত অসমে ১২.৬ শতাংশ চক্রবৃদ্ধি বার্ষিক বিকাশৰ হাৰৰ জৰিয়তে অর্থনৈতিক বিকাশত উল্লেখনীয় অগ্রগতি লাভ কৰিছে। তেওঁ লগতে কয়, যে অসমে গুজৰাটৰ সমানে দেশৰ ছেমি কণ্ডাক্টৰ উদ্যোগত গুৰুত্বপূৰ্ণ ভূমিকা...

February 7, 2025 6:57 PM

views 43

কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ৩ দিনীয়া ভাৰত বোধ সন্মিলন মুকলি ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্যৰ

ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্যই আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ৩ দিনীয়া ভাৰত বোধ সন্মিলন মুকলি কৰে। ভাৰতৰ চহকী সভ্যতা সংস্কৃতিৰ গভীৰ অধ্যয়ন তথা বিশ্বৰ শৈক্ষিক ক্ষেত্ৰত ইয়াৰ অৱদানৰ বিষয়ে পর্যালোচনা কৰিবলৈ দেশৰ কেইবাটাও আগশাৰীৰ শৈক্ষিক প্রতিষ্ঠানে এই সন্মিলনৰ আয়োজন কৰিছে। অনুষ্ঠানত ৰাজ্যপালগৰাকীয়ে জ্ঞানৰ নিৰবধি কেন্দ্ৰৰূপে ভাৰতৰ ভূমিকাৰ ওপৰত আলোকপাত কৰি কয়, যে দেশৰ প্ৰজ্ঞা সম্পর্কিত পৰম্পৰাই সমগ্ৰ বিশ্বকে প্রভাৱিত কৰিছে। বিশ্বৰ অন্যান্য প্রান্...

December 6, 2024 10:36 AM

views 64

বড়োলেণ্ড আঞ্চলিক পৰিষদ বিধান পালিকালৈ ২জন নতুন কাৰ্যবাহী সদস্য মনোনীত ৰাজ্যপালৰ

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই বড়োলেণ্ড আঞ্চলিক পৰিষদ বিধান পালিকালৈ দুজন নতুন কাৰ্যবাহী সদস্য মনোনীত কৰিছে। এওঁলোক হৈছে সজল কুমাৰ সিংহ আৰু ছাইকং বসুমতাৰী। বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৰ পৰামৰ্শ অনুসৰি এই দুজন সদস্যক কার্যবাহী সদস্যৰূপে নিযুক্তি দিয়া হৈছে। এই নতুন অন্তৰ্ভুক্তিৰ ফলত বি টি চিত বিভিন্ন শ্ৰেণীৰ জনসাধাৰণৰ প্ৰতিনিধিত্ব বৃদ্ধি পোৱাৰ লগতে কাৰ্যবাহী পৰিষদৰ কার্যক্ষমতা অধিক বৃদ্ধি পাব বুলি আমাৰ কোকৰাঝাৰৰ সংবাদদাতাই জনাইছে।

December 4, 2024 8:29 PM

views 36

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যৰ নগাঁও জিলা ভ্ৰমণ

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই আজি নগাঁও জিলাত উপস্থিত হৈ বিভিন্ন উন্নয়নমূলক কাম-কাজ পৰিদৰ্শন কৰে। ভৱনৰ প্ৰথম পৰ্যায়ত ৰাজ্যপালগৰাকীয়ে ৰহা ৰাজহ চক্ৰৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন আঁচনি পৰিদৰ্শন কৰে। ইয়াৰ পাছতে তেওঁ ৰহাৰ বগলাজানত উপস্থিত হৈ ৰহা-কামপুৰ পথৰ কপিলী নৈৰ খহনীয়া পৰিদৰ্শন কৰে । উল্লেখযোগ্য যে চলিত বছৰৰ বানত পথটোৰ সেই অঞ্চলত কপিলী নৈৰ গৰাখহনীয়াৰ ফলত যাতায়ত ব্যাহত হৈছিল। ইয়াৰ পাছতে ৰাজ্যপালগৰাকীয়ে অঞ্চলটোৰ বান ক্ষতিগ্ৰস্ত জনসাধাৰণৰ বিভিন্ন সা-সুবিধাৰ বুজ লোৱাৰ লগতে তেওঁলোকে চৰকাৰ...

September 3, 2024 6:45 PM

views 60

অসমৰ প্ৰাক্তন ৰাজ্যপাল তথা বর্তমান পাঞ্জাবৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক আজি অসম চৰকাৰৰ তৰফৰ পৰা সম্বৰ্ধনা

অসমৰ প্ৰাক্তন ৰাজ্যপাল তথা বর্তমান পাঞ্জাবৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক আজি অসম চৰকাৰৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। পঞ্চায়ত তথা গ্রামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পাঞ্জাবৰ ৰাজভৱনত শ্ৰী কাটাৰিয়াক সাক্ষাৎ কৰি এখন ফুলাম গামোচা আৰু শৰাইৰ লগতে মুখ্যমন্ত্ৰীয়ে প্ৰেৰণ কৰা ধন্যবাদসূচক প্ৰস্তাৱ অৰ্পণ কৰে। মন্ত্ৰী দুগৰাকীয়ে অসম আৰু পাঞ্জাবৰ মাজত সাংস্কৃতিক বিনিময়ৰ ক্ষেত্ৰত উদ্যোগ ল'বলৈও পাঞ্জাবৰ ৰাজ্যপালগৰাকীক আহ্বান জনায়। উল্লেখযোগ্য যে অসমৰ প...