ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্যই আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ৩ দিনীয়া ভাৰত বোধ সন্মিলন মুকলি কৰে। ভাৰতৰ চহকী সভ্যতা সংস্কৃতিৰ গভীৰ অধ্যয়ন তথা বিশ্বৰ শৈক্ষিক ক্ষেত্ৰত ইয়াৰ অৱদানৰ বিষয়ে পর্যালোচনা কৰিবলৈ দেশৰ কেইবাটাও আগশাৰীৰ শৈক্ষিক প্রতিষ্ঠানে এই সন্মিলনৰ আয়োজন কৰিছে। অনুষ্ঠানত ৰাজ্যপালগৰাকীয়ে জ্ঞানৰ নিৰবধি কেন্দ্ৰৰূপে ভাৰতৰ ভূমিকাৰ ওপৰত আলোকপাত কৰি কয়, যে দেশৰ প্ৰজ্ঞা সম্পর্কিত পৰম্পৰাই সমগ্ৰ বিশ্বকে প্রভাৱিত কৰিছে। বিশ্বৰ অন্যান্য প্রান্ত অজ্ঞতাৰ আন্ধাৰত বুৰ গৈ থকাৰ সময়তে ভাৰতৰ ঋষি-মুনিসকলে সর্বোচ্চ পৰ্যায়ৰ জ্ঞানৰ প্ৰসাৰ কৰিছিল বুলিও তেওঁ মন্তব্য কৰে। শ্ৰীআচাৰ্যই কয়, যে ভাৰত বোধ সন্মিলনৰ বিভিন্ন সত্ৰসমূহত দেশৰ সভ্যতা, সংস্কৃতি, শিক্ষা, অর্থনীতি, বুৰঞ্জী, বিজ্ঞান আৰু আন বহুতো দিশ সন্দৰ্ভত হবলগীয়া পর্যালোচনাসমূহে আমাৰ দেশৰ বৌদ্ধিক আৰু সাংস্কৃতিক ঐতিহ্যক সামগ্রিকভাৱে প্ৰতিফলিত কৰিব। আজিৰ উদ্বোধনী অনুষ্ঠানত ৰাজ্যপালগৰাকীৰ লগতে ইশান বোধ ন্যাসৰ অধ্যক্ষ অধ্যাপক ৰাজনীশ কুমাৰ মিশ্র, গীতাচাৰ্য্য শ্ৰী পুৰন্দৰ বৰুৱাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Assamese | February 7, 2025 6:57 PM | akashbani | Assam Governor | lakshman prasad acharya | Srimanta Sankardev kalakhetra
কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ৩ দিনীয়া ভাৰত বোধ সন্মিলন মুকলি ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্যৰ