July 20, 2026 7:49 PM

views 17

আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এখন বিশেষ কর্মশালা অনুষ্ঠিত

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি এখন বিশেষ কর্মশালা অনুষ্ঠিত হয়। কলাক্ষেত্ৰ সমাজৰ উদ্যোগত সত্ৰীয়া নৃত্যৰ বিষাদসকলৰ বাবে পৰীশীলন কাৰ্যসূচীৰ ৰূপত আয়োজন কৰা এই কৰ্মশালাৰ তত্বাৱধায়ক হিচাপে যশস্বী নৃত্যশিল্পী যতীন গোস্বামীয়ে দায়িত্ব লোৱাৰ লগতে ইয়াৰ উদ্বোধনো কৰে। উদ্বোধনী ভাষণত শ্ৰী গোস্বামীয়ে প্রশিক্ষার্থীসকলক শুভেচ্ছা জনায়। শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে আদৰণি ভাষণত কলাক্ষেত্র সমাজে সত্ৰীয়া কলা-সংস্কৃতিৰ বিকাশৰ লক্ষ্যৰে ৰূপায়ণ কৰা বিভিন্ন কাৰ্যসূচীৰ বিষয়ে...

February 7, 2025 6:57 PM

views 58

কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ৩ দিনীয়া ভাৰত বোধ সন্মিলন মুকলি ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্যৰ

ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্যই আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ৩ দিনীয়া ভাৰত বোধ সন্মিলন মুকলি কৰে। ভাৰতৰ চহকী সভ্যতা সংস্কৃতিৰ গভীৰ অধ্যয়ন তথা বিশ্বৰ শৈক্ষিক ক্ষেত্ৰত ইয়াৰ অৱদানৰ বিষয়ে পর্যালোচনা কৰিবলৈ দেশৰ কেইবাটাও আগশাৰীৰ শৈক্ষিক প্রতিষ্ঠানে এই সন্মিলনৰ আয়োজন কৰিছে। অনুষ্ঠানত ৰাজ্যপালগৰাকীয়ে জ্ঞানৰ নিৰবধি কেন্দ্ৰৰূপে ভাৰতৰ ভূমিকাৰ ওপৰত আলোকপাত কৰি কয়, যে দেশৰ প্ৰজ্ঞা সম্পর্কিত পৰম্পৰাই সমগ্ৰ বিশ্বকে প্রভাৱিত কৰিছে। বিশ্বৰ অন্যান্য প্রান্...

January 20, 2025 1:11 PM

views 44

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ড° ৰঞ্জিত কুমাৰ বৰুৱাৰ একক প্ৰদৰ্শনী উদ্বোধন

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কালি বিশিষ্ট লেখক, চিন্তাবিদ ময়ুৰ বৰাই বিখ্যাত চিত্র ভাস্কর্য শিল্পী তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° ৰঞ্জিত কুমাৰ বৰুৱাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাজীৱনৰ পৰিক্ৰমাক লৈ অংকন কৰা এলানি চিত্ৰৰ একক প্ৰদৰ্শনী উদ্বোধন কৰে। এই উদ্বোধনী অনুষ্ঠানত ভাষণ দি ময়ুৰ বৰাই কয়, যে ড° ৰঞ্জিত কুমাৰ বৰুৱাই একাগ্ৰতাৰে নিজৰ সৃষ্টিত মগ্ন থাকি সমাজ জীৱনক সমৃদ্ধ কৰিছে। উল্লেখযোগ্য যে গুৰুজনাৰ বিশাল কল্পিত মূৰ্তি নিৰ্মাণ কৰি মধুপুৰ সত্ৰত প্ৰতিষ্ঠা কৰা, বিশ্বৰ বিভিন্ন য...

November 8, 2024 11:45 AM

views 49

বৰ্ণাঢ্য কাৰ্যসূচীৰ কাইলৈৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰতিষ্ঠা দিৱস

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কাইলৈৰ পৰা দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ১৯৯৮ চনৰ ৯ নৱেম্বৰত কলাক্ষেত্র আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল। কাইলৈ পুৱা কলাক্ষেত্ৰৰ কীৰ্তনঘৰত নাম-প্ৰসংগ আৰু আয়তীসকলৰ দিহানামেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হব। দিনৰ ভাগত বৰ্ণালী শীৰ্ষক অসমৰ বাৰে ৰহণীয়া লোকনৃত্যৰ অনুষ্ঠান আৰু সন্ধিয়া অসমৰ নাট্য তথা চলচ্চিত্ৰ জগতৰ অন্যতম পুৰোধা সদ্যপ্রয়াত কুলদা কুমাৰ ভট্টাচাৰ্যৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু নাট্যানুষ্ঠান পৰিৱেশন ক...