গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি এখন বিশেষ কর্মশালা অনুষ্ঠিত হয়। কলাক্ষেত্ৰ সমাজৰ উদ্যোগত সত্ৰীয়া নৃত্যৰ বিষাদসকলৰ বাবে পৰীশীলন কাৰ্যসূচীৰ ৰূপত আয়োজন কৰা এই কৰ্মশালাৰ তত্বাৱধায়ক হিচাপে যশস্বী নৃত্যশিল্পী যতীন গোস্বামীয়ে দায়িত্ব লোৱাৰ লগতে ইয়াৰ উদ্বোধনো কৰে। উদ্বোধনী ভাষণত শ্ৰী গোস্বামীয়ে প্রশিক্ষার্থীসকলক শুভেচ্ছা জনায়। শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে আদৰণি ভাষণত কলাক্ষেত্র সমাজে সত্ৰীয়া কলা-সংস্কৃতিৰ বিকাশৰ লক্ষ্যৰে ৰূপায়ণ কৰা বিভিন্ন কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰে। কৰ্মশালাৰ মুখ্য প্রশিক্ষক ঘনকান্ত বৰা বৰবায়ন, গুৰু হৰি শইকীয়া, বিছমিল্লা খাঁ যুৱ পুৰস্কাৰ প্ৰাপক অন্বেষা মহন্ত আৰু দেৱজিৎ শইকীয়াই অংশগ্ৰহণ কৰে। সপ্তাহজোৰা এই কৰ্মশালাৰ অহা ২৮ জুলাইত অন্ত পৰিব। সেইদিনা সন্ধিয়া কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰ দেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে প্রশিক্ষার্থীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব।
Assamese | July 20, 2026 7:49 PM | Srimanta Sankardev kalakhetra
আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এখন বিশেষ কর্মশালা অনুষ্ঠিত