শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কাইলৈৰ পৰা দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ১৯৯৮ চনৰ ৯ নৱেম্বৰত কলাক্ষেত্র আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল। কাইলৈ পুৱা কলাক্ষেত্ৰৰ কীৰ্তনঘৰত নাম-প্ৰসংগ আৰু আয়তীসকলৰ দিহানামেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হব। দিনৰ ভাগত বৰ্ণালী শীৰ্ষক অসমৰ বাৰে ৰহণীয়া লোকনৃত্যৰ অনুষ্ঠান আৰু সন্ধিয়া অসমৰ নাট্য তথা চলচ্চিত্ৰ জগতৰ অন্যতম পুৰোধা সদ্যপ্রয়াত কুলদা কুমাৰ ভট্টাচাৰ্যৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু নাট্যানুষ্ঠান পৰিৱেশন কৰা হ‘ব। দ্বিতীয় দিনা সোণালী সুদিন শীর্ষক ব্যতিক্রমী কার্যসূচী অনুষ্ঠিত হ‘ব।
Assamese | November 8, 2024 11:45 AM | Srimanta Sankardev kalakhetra
বৰ্ণাঢ্য কাৰ্যসূচীৰ কাইলৈৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰতিষ্ঠা দিৱস