July 29, 2024 7:14 PM

views 47

কাইলৈ অসমৰ নৱ নিযুক্ত ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্যই ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰিব

অসমৰ নৱ নিযুক্ত ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্যই কাইলৈ ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণুয়ে নৱনিযুক্ত ৰাজ্যপালগৰাকীক শপতবাক্য পাঠ কৰোৱাব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কাইলৈ দুপৰীয়া এই শপতগ্রহণ হ'ব। কাইলৈ শপতগ্ৰহণ কৰিবলগীয়া লক্ষ্মণপ্ৰসাদ আচাৰ্যক অসমৰ লগতে মণিপুৰৰ ৰাজ্যপাল হিচাপেও অতিৰিক্ত দায়িত্ব দিয়া হৈছে। লক্ষ্মণপ্রসাদ আচাৰ্যই ছিকিমৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। আনহাতে ৰাজ্যৰ বৰ্তমানৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক পঞ্জাৱৰ ৰাজ্যপ...

July 27, 2024 9:45 PM

views 43

ৰাজ্যৰ বিভিন্ন ঠাইত ৰাজ্যপালৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন

ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই আজি নামনি অসমৰ বিভিন্ন ঠাইত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে চলিত প্রকল্পসমূহৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। ধুবুৰী জিলাৰ চাপৰ, ৰঙামাটিস্থিত শৰৎ চন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ত উপস্থিত হৈ ৰাজ্যপালগৰাকীয়ে মহাবিদ্যালয়খনৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহতো উদ্বোধন কৰে। মহাবিদ্যালয়খনৰ সৈতে সংলগ্ন কৃষি বিজ্ঞান কেন্দ্ৰটো পৰিদৰ্শন কৰি ৰাজ্যপালগৰাকীয়ে কৃষি বিজ্ঞানীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। ভাষণ প্ৰসংগত ৰাসায়নিক সাৰৰ সলনি জৈৱিক সাৰ প্ৰয়োগৰ ওপৰত গুৰুত্ব দিয়াৰ ল...