অসমৰ নৱ নিযুক্ত ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্যই কাইলৈ ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণুয়ে নৱনিযুক্ত ৰাজ্যপালগৰাকীক শপতবাক্য পাঠ কৰোৱাব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কাইলৈ দুপৰীয়া এই শপতগ্রহণ হ’ব। কাইলৈ শপতগ্ৰহণ কৰিবলগীয়া লক্ষ্মণপ্ৰসাদ আচাৰ্যক অসমৰ লগতে মণিপুৰৰ ৰাজ্যপাল হিচাপেও অতিৰিক্ত দায়িত্ব দিয়া হৈছে। লক্ষ্মণপ্রসাদ আচাৰ্যই ছিকিমৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। আনহাতে ৰাজ্যৰ বৰ্তমানৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক পঞ্জাৱৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড়ৰ প্ৰশাসক হিচাপে নিযুক্তি দিয়া হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে বিভিন্ন ৰাজ্যৰ নতুন ৰাজ্যপালসকলক নিযুক্তি দিছে। এই নিৰ্দেশ অনুসৰি অসমৰ প্ৰাক্তন লোকসভা সাংসদ ৰমেন ডেকাক ছত্তিশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ লগতে অসমসহ ৯ খন ৰাজ্যৰ ৰাজ্যপাল নতুনকৈ নিযুক্তি তথা সালসলনি ঘটোৱা হৈছে।
Assamese | July 29, 2024 7:14 PM | Assam Governor | lakshman prasad acharya
কাইলৈ অসমৰ নৱ নিযুক্ত ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্যই ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰিব