ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই গুৱাহাটীত অনুষ্ঠিত সশস্ত্র বাহিনী পতাকা দিৱসৰ পুজি ব্যৱস্থাপনা সমিতিৰ ৪৮ সংখ্যক ৰাজ্যিক বৈঠকত অংশগ্ৰহণ কৰে। প্ৰাক্তন সেনাসকলৰ কল্যাণ আৰু পুনৰ সংস্থাপনৰ বাবে গঠিত এই সমিতিৰ বৈঠকত সেনাৰ জোৱান আৰু তেওঁলোকৰ কল্যাণৰ সৈতে জড়িত বিষয়সমূহ আলোচনা কৰা হয়। বৈঠকত ৰাজ্যপাল গৰাকীয়ে সেনাবাহিনীৰ প্ৰাক্তন জোৱানসকলৰ কল্যাণৰ কামত দায়বদ্ধতা প্ৰদৰ্শন কৰা সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ লগতে এই সেনা জোৱানসকলৰ সহায়ৰ বাবে সর্বোৎকৃষ্ট সেৱা আগবঢ়োৱাৰ উপৰি নৈতিক মান বৰ্তাই ৰাখিবলৈ আহ্বান জনায়। তেওঁ ডিজিটেল ব্যৱস্থাৰে এই সুবিধাসমূহ প্ৰদান সূচল কৰি তুলিবলৈ আহ্বান জনায়।
Assamese | September 1, 2025 7:36 PM | Assam Governor
গুৱাহাটীত সশস্ত্র বাহিনী পতাকা দিৱসৰ পুজি ব্যৱস্থাপনা সমিতিৰ ৪৮ সংখ্যক ৰাজ্যিক বৈঠক