ৰাজ্যপাল তথা ভট্টদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্রসাদ আচার্যই বিশ্ববিদ্যালয় আইন ২০১৭ৰ ২৩ (১) খ ধাৰাৰ অধীনত বিশ্ববিদ্যালয় কোর্টৰ সদস্য হিচাপে চাৰিগৰাকী বিশিষ্ট ব্যক্তিক মনোনীত কৰিছে।
ৰাজ্যপালৰ সচিবালয়ে জাৰি কৰা জাননী অনুসৰি কেন্দ্ৰীয় আয়ুষ মন্ত্ৰ্যালয়ৰ অধীনৰ চি চি আৰ এ এছৰ আঞ্চলিক আয়ুর্বেদ গৱেষণা প্ৰতিষ্ঠান গেংটকৰ সহকাৰী সঞ্চালক তথা বিজ্ঞানী ড০ শ্রীপ্রকাশ আৰু কটন বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞান বিভাগৰ অধ্যাপক ড০ দেৱজিৎ শর্মাক সদস্য হিচাপে মনোনীত কৰা হৈছে।
একেদৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্রাক্তন ন্যায়াধীশ হিতেশ কুমাৰ শৰ্মা আৰু বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক ড০ প্রভা কুমাৰী দেৱীকো সদস্য হিচাপে মনোনীত কৰা হৈছে।
জাননীত উল্লেখ কৰা মতে মনোনীত সদস্যসকলে বিশ্ববিদ্যালয় আইনৰ ধাৰা অনুসৰি তিনি বছৰৰ বাবে দায়িত্ব পালন কৰিব। ভট্টদেৱ বিশ্ববিদ্যালয় কোর্ট হৈছে বিশ্ববিদ্যালয়খনৰ গুৰুত্বপূৰ্ণ নীতি নির্ধাৰণকাৰী সংস্থা। এই নতুন মনোনয়নে বিশ্ববিদ্যালয়খনৰ বিদ্যায়তনিক, গৱেষণা আৰু প্ৰশাসনিক ক্ষেত্ৰত অধিক দক্ষতাৰ সংযোজন ঘটাব বুলি আশা কৰা হৈছে।