অসমৰ ৰাজ্যপাল তথা ইণ্ডিয়ান ৰেডক্ৰছ ছ’চাইটীৰ অসম শাখাৰ সভাপতি লক্ষ্মন প্রসাদ আচাৰ্য্যই আজি এখন উচ্চস্তৰীয় পৰ্য্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত ৰাজ্যপালগৰাকীয়ে অসমৰ শেহতীয়া প্ৰলয়ংকৰী বানত ক্ষতিগ্রস্ত লোকসকলৰ প্ৰতি সঁহাৰি আৰু সাহায্য বিতৰণৰ ক্ষেত্ৰত ৰেডক্ৰছ ছ’চাইটীৰ অৱদানৰ বুজ লয় ।
বৈঠকত অসম শাখাৰ মুখ্য সচিব দেৱ প্ৰসাদ মিশ্ৰই শেহতীয়া বানত ৰাজ্যৰ বিভিন্ন স্থানত, বিশেষকৈ উজনি অসমৰ জিলাসমূহত সাহায্য প্ৰদান আৰু উদ্ধাৰ অভিযানৰ ক্ষেত্ৰত লোৱা পদক্ষেপসমূহৰ বিষয়ে বিস্তৃত বিৱৰণ দাঙি ধৰে ৷