July 26, 2025 10:20 AM | Kargil Vijay Diwas

printer

সমগ্ৰ দেশতে কাৰ্গিল বিজয় দিৱস উদযাপন

১৯৯৯ চনৰ কাৰ্গিল যুদ্ধত আত্মবলিদান দিয়া ভাৰতীয় সেনাৰ সাহস আৰু ত্যাগক সন্মান জনোৱাৰ অর্থে আজি সমগ্ৰ দেশতে কাৰ্গিল বিজয় দিৱস উদযাপন কৰা হৈছে। পাকিস্তান আৰু ভাৰতৰ মাজত হোৱা সংঘাতৰ পৰিণতিত বিজয় অভিযানৰ জৰিয়তে ভাৰতে কার্গিল যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰা আজি ২৬ বছৰ পূৰ্ণ হৈছে। ভাৰতীয় সেনাই বিজয় অভিযানৰ জৰিয়তে পাকিস্তানৰ সেনাই অকৰ্তৃত্বশীলভাৱে দখল কৰি থকা জম্মু-কাশ্মীৰৰ কাৰ্গিল ভূমিক উদ্ধাৰ কৰিছিল৷