July 26, 2026 8:34 PM | Mann Ki Baat

printer

প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন, ৰপ্তানি অথবা মৈত্ৰী ৰাষ্টসমূহৰ সৈতে ৰাজনৈতিক সহযোগিতাকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰত অবিৰতভাৱে নতুন শিখৰত উপনীত হৈছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন, ৰপ্তানি অথবা মৈত্ৰী ৰাষ্ট্ৰসমূহৰ সৈতে ৰাজনৈতিক সহযোগিতাকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰত অবিৰতভাবে নতুন শিখৰত উপনীত হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত এইদৰে প্ৰকাশ কৰে। শ্রীমোদীয়ে লগতে আজি কার্গিল বিজয় দিৱস উপলক্ষে দেশৰ সাহসী সৈনিকসকলক স্মৰণ কৰে।

তেওঁ কয়, যে কার্গিল বিজয় দিবস উদযাপন কৰাৰ বাবেই ২৬ জুলাইৰ দিনটো মনত ৰাখিবলৈ দিনপঞ্জীৰ প্ৰয়োজন নহয়। এই দিনটোৱে সকলোৰে মন গৌৰৱৰ ভাৱনাৰে ভৰাই তোলে আৰু জনসাধাৰণক দেশৰ বীৰ সৈনিকৰ অসীম সাহসৰ বিষয়ে সোঁৱৰাই দিয়ে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

ছহিদসকলৰ প্ৰতি প্ৰণিপাত জনাই তেওঁ কয় যে তেওঁলোকে দেশমাতৃৰ বাবে সর্বোচ্চ ত্যাগ কৰি গৈছে। শ্রীমোদীয়ে ছহিদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে নিৰাপদ, সামর্থবান আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্প সুদৃঢ় কৰিবলৈ দেশবাসীক আহ্বান জনায়।

দেশে অহৰহভাৱে প্ৰযুক্তিগত সামৰ্থ বৃদ্ধি কৰি আহিছে বুলি উল্লেখ কৰি শ্রীমোদীয়ে কয় যে অলপতে আই এন এছ মহেন্দ্ৰগিৰি নামৰ দেশতে নির্মিত এখন অত্যাধুনিক যুদ্ধজাহাজ নৌসেনাত অন্তর্ভুক্ত কৰা হৈছে। জাহাজখনত ব্যৱহৃত ৭৫ শতাংশৰো অধিক সামগ্রী স্বদেশী বুলি প্রধানমন্ত্রীয়ে জানিবলৈ দিয়ে। প্রধানমন্ত্রীয়ে জাহাজখনক আত্মনিৰ্ভৰ ভাৰতৰ বৰ্ধিত শক্তিৰ প্ৰতীক বুলি অভিহিত কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।